অনুভৱৰ মালিতা
সকলো মৰহি যায়
আকুল ছবি,ফুল,বেথা,
শূন্যতাৰ চাপে
অদেখা কৰে নিবিড়তা।
একেবাৰে সঁচা-একোৱে নেথাকে।
আটোলতোল ঘৰ ম্লান হয়
আই পিতা গুচি যায় অহাৰ বাটেৰে
বেৰৰ ৰং ম্লান হয়,
ঘূঁণে ধৰে বাতাম-
আন্ধাৰৰ দৰে শব্দহীন হয় সকলো
জঠৰতাক সাৱটি
শব্দহীন মগজু।
সোঁৱৰণিৰ নিমাত খলপাত
আশাবোৰ ধুসৰ হয়।
ফুটুকা গজা সমাধিৰ বতাহজাকে
বুকু কঁপাই
সকলো হেৰায়।
কাৰবাবে সজাম মোৰ উপাচাৰ
আভিজাত্য-অসূয়া-মৰমৰ মলঙা বতৰত
নীলাম হয় সকলো।
দৰদী আকাশৰ উচুপনিৰে
দুহাত আজিও মেলো-
কৰবাত আছে নেকি
অকণি হিয়াৰ মৌ।
মাধুৰী শৰ্মা সভাপণ্ডিত