অনুভৱৰ দিনলিপি
সজাত বন্ধ চৰাইৰ দৰে হৈ পৰিছে আমাৰ জীৱন
শৈশৱ, কৈশোৰ, আৰু যৌৱন সকলো বন্ধ
কোঠালিত আৱদ্ধ হৈ পৰিছে
সময়বোৰ দুখৰ হৈ পৰিছে
মহামাৰীৰ ৰোষত পৰি বহুতে
নিজৰ আপোনজনক হেৰুৱাই
দিশহাৰা হৈ পৰিছে
বহুতে হয়তো এমুঠি ভাতৰ কাৰণে
হাহাকাৰ কৰি ফুৰিছে
শিক্ষা, সংস্কৃতিসকলোতে যতি পৰিছে
তথাপিও আমি আশাবাদী আন্ধাৰৰ পিছত
পোহৰ অহাৰ দৰে
আমাৰ দুখৰ দিনবোৰ আঁতৰি গৈ
পুনৰ সুখৰ দিন আহিব।
ৰাজলক্ষমী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট
৭০০২৪৪৩৭৮২