অনুভৱৰ এক নতুন ৰূপ
জয়শ্ৰী গগৈ কলিতা
বৰ্ণ মোৰ মা, শব্দ মোৰ পিতৃ
চিন্তন মোৰ কৰ্ম, কৰ্মই মোৰ ধৰ্ম ।
পিতৃ হ’ল আকাশ , মাতৃয়ে হ’ ল সাগৰ
যাৰ নাই গাত অকণো দুখ, ভাগৰ।
পিতৃ হ’ল বৃক্ষ, মাতৃ হ’ ল নদী,
যাৰ ত্যাগ আৰু কষ্ট ফলত আমি সকলোৱে হলোঁ
সমাজৰ একো একো জন ব্যক্তি।
আইৰ মুখৰ পৰা শিকা ভাষা অতি আপোন
ই হ ল আমাৰ জাতিৰ দাপোন।
জোনাক ৰাতি উজাগৰে থাকি
মনৰ দলিচাৰ অনুভৱ বোৰ এটি এটিকৈ সজাইছিলো
কবিতাই পোখা মেলিব বুলি।
নহয় মই কোনো দিনেই কবি, নামাতিবা মোক কবি বুলি
আশা কৰিলোঁ সতীৰ্থ সকলৰ মাজত
বিষাদৰ টোপোলা খোলা এগৰাকী সতীৰ্থ বুলি।
শব্দতে আৱদ্ধ থাকে হাজাৰ সৃষ্টিৰ অৰ্থ
মনৰ দলিচাত বহি লুকাভাকু খেলি থাকে প্ৰাণৰ ভাষাৰ বাক্য।
নোৱাৰে ৰোধিব মোৰ সৃষ্টিৰ বৃষ্টিক
আইৰ মুখৰ ভাষাৰে লিখি থৈ যাম
নৱ প্ৰজন্মৰ বাবে ক্ষুদ্ৰ অনুভৱ
ভগৱান আৰু জ্যেষ্ঠ জনৰ পৰা সদায় আশীষ বিচাৰি।