অধিক বৃদ্ধি পাইছে আলফাত যোগদানৰ প্ৰৱণতা

Pc- as.time8.in

অধিক বৃদ্ধি পাইছে আলফাত যোগদানৰ প্ৰৱণতা

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত বৃদ্ধি পাইছে আলফাত যোগদানৰ প্ৰৱণতা।কেইবাখনো জিলাৰ পৰা বহুকেইগৰাকী যুৱক-যুৱতীয়ে আলফাত নতুনকৈ যোগদানৰ বিষয়টোত সন্ত্ৰস্ত হৈ পৰিছে ৰাজ্যিক তথা কেন্দ্ৰীয় গৃহ বিভাগ।নিষিদ্ধ সংগঠনটোত যোগদানকে ধৰি ইউনাইটেড লিবাৰেচন ফ্ৰণ্টৰ (আলফা স্বাধীন)) কাৰ্যকলাপৰ সন্দৰ্ভত শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অসমৰ সাতখন জিলাৰ ১৬ টা স্থানত তালাচী চলায়।আলফাত যোগদান গোচৰৰ সন্দৰ্ভত কামৰূপ, নলবাৰী, ডিব্ৰুগড়, তিনিচুকীয়া, শদিয়া, চৰাইদেউ আৰু শিৱসাগৰকে ধৰি অসমৰ সাতখন জিলাৰ ১৬ টা স্থানত তালাচী চলাইছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(নিয়া)ই।উল্লেখযোগ্য যে,তালাচীৰ সময়ত ডিজিটেল সঁজুলি, সজীৱ গোলা-বাৰুদৰ লগতে আপত্তিজনক নথিপত্ৰ আৰু আলফা সম্পৰ্কীয় লিখিত তথ্যও জব্দ কৰা হৈছে।