অতীত হোৱা ডিচেম্বৰৰ বাৰ্ষিক পৰীক্ষা
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
ভটিয়াই যাবলৈ মন যায়, অতীত অতীত লগা সোনোৱালী সেই মধুৰ দিনকেইটালৈ। বছৰৰ শেষত অতীতলৈ ৰূপান্তৰিত হোৱা ডিচেম্বৰ মাহটোলৈ। সময়ৰ অৱবাহিকাত জীৱনৰ এটা এটা মূহুর্ত স্মৃতিৰ গৰাহলৈ ডুব যায় ।পৰীক্ষা নামৰ ভয়ংকৰ, জ্বৰটো মাহটোৰ প্রথম সপ্তাহতে শেষ হৈ গৈছিল, আৰু পেৰাচিটামল সদৃশ ৰিজাল্টলৈ অধীৰ কাতৰভাৱে অপেক্ষা কৰিছিলো । ৰিজাল্টৰ দিনটো যিমান ওচৰ চাপি আহিছিল, সিমানেই যেন হৃদস্পন্দৰ গতি সীমা পৰিধি ভাঙি গৈছিল, অবুজ এক ধপধপনিৰ তৰংগই গোটেই শৰীৰত এক আলোড়নৰ সৃষ্টি কৰিছিল। ভয়ত যেন, পেটত হাত ভৰি লুকোৱাব লাগা অৱস্থা আহিছিল আমাৰ সকলোৰে জীৱনলৈ নহয়নে? এতিয়া সেই দিনবোৰৰ স্মৃতি ৰোমন্থন কৰিও যেন আনন্দত আত্মহাৰা হওঁ। সেই যে পৰীক্ষাৰ শেষৰ দিনাই ৰুমে ৰুমে আহি চকীদাৰে জাননী শুনাই গৈছিল, ডিচেম্বৰ মাহৰ ২৮ তাৰিখে পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ’ব। সকলোকে হস্তশিল্প টেবুল ক্লথ, ৰুমাল, মাটিৰ সামগ্রী, ঝাড়ু ইত্যাদি ২৫ তাৰিখে বিদ্যালয়ত জমা দিব লাগিব, লগতে সৰস্বতী পূজাৰ চান্দা ২০ টকা (নহ’লে ৰিজাল্ট দিয়া নহ’ব ধেমালিৰ সুৰত) । এতিয়া সেই অনুভৱে স্মৃতিৰ দলিচাত শুৱে, আপোনালোকৰ বাৰু সেই স্মৃতিয়ে দোলা দিয়ে নে মনৰ নিকুঞ্জ বনত ? মনত পৰেনে ? কিমান উজ্জ্বল আছিল শৈশৱৰ সেই দিবোৰ ! বেজীত সূতা লগাব নোৱাৰা অৱস্থাটো আপোনালোকৰ মনত পৰেন? সেই, যে টেবুল ক্লথ , ৰুমালত ফুল তুলিবলৈ, মাক খাটনি ধৰা দিনবোৰ, কর্ম ব্যস্ততাৰ ফলত মাকে বিৰক্তি হোৱা মুখখন আকৌ এবাৰ চাবলৈ মন নাযায় নে? সন্ধিয়া জুইহালৰ আমেজ লৈ , সকলো কাম-বন সামৰি আঙুলিত ধৰি চেইন চিলাই শিকোৱা দিনটো আপোনালোকৰ মনত আছেনে? হাতে হাতে মাটি লৈ আম, আপেল, কল, বনোৱা মধুৰ স্মৃতিবোৰ সঁচাকৈ উকা উকা পৃষ্ঠা যেন লাগে। বজাৰৰ পৰা, ৰঙবোৰ কিনি অনাৰ কথা দেউতাকক ক’বলৈ যোৱাৰ আগতেই যেন থৰথৰাই কঁপনি উঠি যায়, অনাকাংক্ষিত চুনামীৰ জোৱাৰ উঠা অৱস্থা হৈছিল নে? ভয়ত পেপুৱা লাগি যেন ঘৰতেই ৰঙবোৰ প্ৰস্তুত কৰি লোৱা হৈছিল । মাৰ অনুপস্থিতত পাকঘৰৰ পৰা হালধি চুৰি কৰি হালধীয়াৰ ৰং, আলতাৰ পৰা ৰঙা ৰং, আইতাৰ টেমাৰ পৰা চূণ চুৰি কৰি বগা ৰং , বাৰীৰ পৰা পূৰৈ শাকৰ গুটিৰ পৰা বেঙুনীয়া ৰং ইত্যাদিবোৰ কৌশল অৱলম্বন কৰি ৰং প্ৰস্তুত কৰা দিনবোৰ সঘনাই মনত পৰে ; ডিচেম্বৰ মাহটো আহিলে। হাতে হাতে ঝাড়ু লৈ , হাতৰ কামবোৰ লৈ, বিদ্যালয়ত জমা দিয়াৰ স্মৃতিয়ে দোলা দিয়ে । মা বা দেউতাকৰ লগত গৈ ৰিজাল্ট আনিবলৈ যোৱাৰ মধুৰ ক্ষণবোৰ, কিমান নম্বৰ পালোঁ সেয়া চোৱাৰ আমাৰ হাবিয়াস নাথাকে কাৰ ৰোল নং ১ হৈছে তালৈয়ো আমি কাণ নিদিও, যাৰ ৰোল নং ৫০ বা তাতকৈ বেছি হৈছে সেইটোলৈহে আমাৰ ব্যস্ততা, ডাঙৰ স্ফূৰ্তি। এক হোৱাৰ মৰ্ম বুজি নোপোৱা সেই অবুজ দিনবোৰৰ কথা ভাবিলে হাঁহি উঠে কেতিয়াবা, কিমান সহজ-সৰল আছিল আমাৰ মনবোৰ, নিষ্পাপ শিশুৰ দৰে।এতিয়া সেই সহজ সৰল, মনবোৰ এচটা শিলৰ দৰে কঠিন হৈ গ’ল, অহংকাৰ, খিয়লা-খিয়লি, হিংসা, বিদ্বেষে ছানি ধৰিছে আমাৰ মনাকাশ। সেয়ে অতীত হৈ যোৱা দিনবোৰ
আমাৰ মনৰ ইতিহাসত পৃষ্ঠাত ঠাই পাইছে । সময় পৰিস্থিতিৰ দাস । এতিয়া শিক্ষা ব্যৱস্থাও সলনি হৈ গ’ল, নতুন বছৰৰ আৰম্ভনি হয় মাৰ্চত। সেয়ে ডিচেম্বৰৰ সেই সমুজ্জ্বল দিনবোৰলৈ বাৰুকৈয়ে মনত পৰে ।