অতিশয় গৰম
বাহাৰুল ইছলাম (শিক্ষক)
সৃষ্টি কৰিছে সন্ত্রাসৰ প্ৰচণ্ড তাপে
অগ্নিশৰ্মা সূৰুযৰ লেলিহান
কৃত্রিমতাৰ প্ৰবল হেঁচা
প্ৰকৃতি ধ্বংসৰ নিচা
বাৰুকৈ সাধিছে
আৰু এখোজ নাহিবা আগুৱায়
বসুন্ধৰা জৰ্জৰিত
কেৱে জানো হয় হৰ্ষিত?
জীৱশ্রেষ্ঠৰ কৰ্মৰ ফচল
গোটেই জগতেই যেন অচল
মেলিলোঁ ঢাপলি চৌপাশে
বিৰিখৰ পৰম বৈৰী হৈ
কোন কাৰ জগতত
কোন কাৰ মৰতত
উচুপি উচুপি টোকে চকুলো
অভিশপ্ত জীৱশ্রেষ্ঠৰ বৰ্বৰতাত।
প্ৰতিনিতে অত্যাচাৰ
নিষ্পাপ বিৰিখক
সাউৎকৰে গঢ়ি উঠে
কত প্ৰদূষিত কাৰখানা
সেই প্লাষ্টিকৰ দমবোৰৰ কাষে কাষে
বিৰিখ বিহীন চহৰৰ গলিবোৰ
পাষাণ হৃদয়ে প্ৰতিনিতে কৰে হত্যা
বিৰিখৰ কৰুণ বিননিয়ে
বৃদ্ধি কৰিছে প্ৰকোপ দিনক দিনে।
নীলাভ গগণ
হাঁহি থকা তৰাবোৰ
ৰ’লাগি একেথৰে চাইছে
স্নিগ্ধ জোনাকৰ কিৰণেও
অমাৱস্যাৰ কবলত ককবকাইছে
লাঘৱ হৈছে
মৃদু পৱনৰ সেই চিনাকি অট্টাহাঁহি।
সন্ত্রাস আৰু সন্ত্রাস
ক’ৰবাত বলি সুউচ্চ গিৰিবোৰ
আন ক’ৰবাত ধৰাধামৰ
স্নিগ্ধ জীৱ-জন্তুবোৰ
হে জীৱশ্রেষ্ঠ- শান্ত হোৱা
সৱেমিলি ধ্যানমগ্ন হওঁ
ভৱিষ্যত প্ৰজন্মৰ হিতে
অনাগত জাতিৰ প্ৰতি
সীমা চেৰাই যোৱা
বিপদ-সংকেতৰ প্ৰতি।