অতিথি
ঘনাই ঘনাই ফোন কৰা ভাইবোৱাৰী শিখাৰ পৰা কিছুদিন কোনো খা-খবৰ নোপোৱাৰ বাবে ফোন কৰি জানিব পাৰিলো, সিহঁতৰ ঘৰলৈ হেনো কোনোবা গৈছে, সেইবাবে এইকেইদিন সিহঁত অতিথি আপ্যায়নত ব্যস্ত হৈ আছে । শিখায়ে আৰু জনালে যে, প্ৰথম আগমনতে সদায় অহাৰ প্ৰতিশ্ৰুতি দি লগত বিভিন্ন সম্ভা্ৰৰ মেটমৰা বোজা এটা লৈ প্ৰায় একেলেঠাৰীয়ে আহি আছে আৰু অতিথি শুশ্রষাৰ বাবে সিহঁতেও যি পাৰে কিছু সমল যোগাৰ কৰি থ’ব লগা হয়, যাতে সেইখিনি তেওঁ লগত লৈ যাব পাৰে । কথাটো শুনাৰ পৰা মনটো কেনেবাখন লাগি থকাৰ বাবে শিখালৈ আকৌ ফোন কৰি শুধিলো বোলো, এই কৰ’না মহামাৰীৰ দিনত নিঃসংকোচে কোনো কেনিও ওলাই যাব নোঁৱাৰে, কাকো ঘৰলৈ নিমন্ত্রণ কৰিব নোঁৱাৰে, সকলোফালে কি এক আতংকময় পৰিৱেশ, তেনেস্থলত তোমালোকেনো ক’ৰ অতিথিৰ লগত ইমান ব্যস্ত হৈ পৰিছা ? বাৰু, যি কৰিছা কৰিছা, মাত্ৰ ক’ভিড প্ৰট’কল মানি অতিথিৰ লগত দূৰত্ব বজাই ৰাখিবা আৰু ছেনিটাইজাৰ বৱহাৰ কৰিবলৈ নাপাহৰিবা কিন্তু ।
মোৰ কথাখিনি শুনাৰ পিছত তাই কওঁ নকওঁকৈ ক’লে যে, বহুতৰ লগতে তোমালোকৰ ঠিকনাটোও অতিথিক দিছোঁ, মোনাটোত ভৰাবলৈ দিব পৰা কিবা থাকিলে দি পঠাবা । আৰু এটা কথা, এবাৰ লগ পোৱাৰ পিছত তেওঁৰ সম্ভাৰ সমূহৰ বিষয়ে মতামত লোৱাটো কিন্তু তেওঁৰ অভ্যাস। গতিকে তোমালোকৰ মতামত তেওঁক জনাবলৈ নাপাহৰিবা।
কথা শুনি খঙে মূৰৰ চুলিৰ আগ পাওঁ যেন হ’ল । এই লকডাউনৰ সময়ত কাম পোৱা নাই আৰু । কিযে কৰা যায় ǃ হে ভগৱান ǃǃ ঠিক তেনেতেই আহিল নহয় লয়লাস ভংগীমাৰে প্ৰায় ২৮-২৯ বছৰ বয়সীয়া এগৰাকী যুৱতী ǃ পৰিচয় পৰ্বৰ অন্তত জানিব পাৰিলো যে, বিভিন্নজনৰ লগত চা-চিনাকি হৈ বিভিন্ন বতৰা সংগ্ৰহ কৰিবলৈ অসম চৰকাৰৰ অনুমোদনপ্ৰাপ্ত যুৱতীগৰাকীৰ ঘৰ হেনো গুৱাহাটীৰ ধীৰেনপাৰাত । মই আৰু মোৰ স্বামীয়ে যি পাৰো দুই এপদ সমল যুৱতীলৈ আগবঢ়ালোঁ । কোনো ধৰণৰ আপত্তি নকৰাকৈ আমাৰ সেই সমল তেওঁ নিজৰ সম্ভাৰৰ লগত সামৰি লোৱা কাৰ্য্যই আমাক যঠেষ্ট উৎসাহিত কৰিলে । আজিকালি তেওঁ আহিলে আমিও ভালেই পাওঁ। কাৰণ, কভিড সৃষ্ট পৰিস্থিতিত হতাশাই আৱৰি ধৰা, নাযায় নুপুৱাই যেন হোৱা আমনি লগা সময়বোৰ তেওঁৰ সংস্পৰ্শত বৰ সুন্দৰভাৱে অতিবাহিত কৰিব পাৰো ।
তেজ-মঙহৰ ন’হলেও, ভাৱ বিনিময়ৰ মাধ্যম ছপাশালৰ “ৰঙিলী” জনীয়ে কঢ়িয়াই লৈ ফুৰা বিভিন্ন সম্ভাৰ সমূহে আমাৰ লগতে নিশ্চয় আন বহুজনৰ মনত ৰঙৰ বোল সানিবলৈ সক্ষম হৈছে । সেয়ে তেওঁৰ অৰ্থাৎ, “ৰঙিলী বাৰ্ত্তা”ৰ যাত্ৰা সুদূৰলৈ প্ৰসাৰিত হোৱাৰ লগতে উজ্জ্বল ভবিষ্যৎ কামনা কৰিলো । । মৃদুস্মিতা শৰ্মা গোস্বামী, যোৰহাট
অতিথি — মৃদুস্মিতা শৰ্মা গোস্বামী, যোৰহাট
