অট’ৰ ভিতৰত ছাত্রীৰ শ্লীলতাহানিৰ চেষ্টা

অট’ৰ ভিতৰত ছাত্রীৰ শ্লীলতাহানিৰ চেষ্টা

ৰঙিলী বাৰ্ত্তাসেৱা- কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিবাদ অব্য়াহত থকাৰ সময়তেই  এইবাৰ শিলচৰত অ’টো চালকৰ বিৰুদ্ধে  ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, শিলচৰত এগৰাকী ছাত্ৰীৰ শ্লীলতাহানিৰ চেষ্টা কৰে এজন অট’ চালকে। অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্রী গৰাকীয়ে বিশ্ববিদ্যালয়ৰ পৰা ভাৰাঘৰলৈ অট’ত যাঁওতে এই ঘটনা সংঘটিত হয়।  লগে লগে বিশ্ববিদ্যালয়ৰ একাংশ ছাত্র-ছাত্রীয়ে আটক কৰে অট’ চালকজনক। ধৃত অট’ চালক বদৰুজামান ফাৰুক বুলি জানিব পৰা গৈছে। ইতিমধ্যে আটকাধীন বদৰুজামান ফাৰুকক আৰক্ষীক চমজাই দিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই ঘটনাৰ পিচতেই নিৰাপত্তাক লৈ চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।