অঞ্জু শাণ্ডিল্যৰ “পোণাকণ”

অঞ্জু শাণ্ডিল্যৰ “পোণাকণ”

দেৱাশীষ গোস্বামী,নগাঁও,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৩ নবেম্বৰ তাৰিখে অসমৰ এসময়ৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ দেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকীত অসমৰ এগৰাকী জনপ্ৰিয় লেখিকা তথা গ্ৰন্থ সমালোচক অঞ্জু শাণ্ডিল্যৰ তৰুণ গগৈদেৱৰ জীৱন ভিত্তিক শিশু উপন্যাস “পোণাকণ” উন্মোচন কৰা হয় গগৈদেৱৰ পৰিয়ালবৰ্গৰ সম্পূৰ্ণ সক্ৰিয় সহযোগত তেখেতৰ বেলতলা অজন্তা পথ স্থিত নিজা বাসগৃহত।ইয়াৰ পিছতে ৰাজীৱ ভৱনত এখনি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়।উক্ত দিনাই বিয়লি বেলালৈ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ মাধবদেৱ প্ৰেক্ষাগৃহত গগৈদেৱৰ পৰিয়ালবৰ্গই এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে।উক্ত সভাতেই তৰুণ গগৈদেৱৰ পুত্ৰ গৌৰৱ গগৈ সমন্বিতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে গগৈদেৱৰ কৰ্মৰাজি তথা জীৱনৰ ওপৰত আলোকপাত কৰে। ‘আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক’কথাষাৰ সৰোগত কৰি ‘পোণাকণ’ মূলতঃ চাহ বাগিচাৰ পটভূমিত ৰচিত তৰুণ গগৈদেৱৰ জীৱন ভিত্তিক এখন শিশু উপন্যাস।লেখিকা গৰাকীৰ ‘পোনাকণ’ শিশু সকলৰ সৰ্বাংগীন উন্নয়নৰ পথত এক উৎকৃষ্ট উপহাৰ।