অচিন আকাশ -সংগীতা মাইনা ডেকা

pc topPNG
অচিন আকাশ 
উন্মাদনাত অংকুৰিত বীজ হে,
বিষাক্ত আল্পনাৰে অংকিত তাৰ উকা পথাৰখন
জন্মসূত্ৰে পাইছে সি,
বিষাক্ত সময়ৰ উপহাৰ
বিষময় তাৰ জীৱন…!
যোগ্যতাৰ পৰিমাপণ কৰি কিয় নাচায় সি ?
অমৃত পাবলৈ ইমান উত্ৰাৱল হৈ,
জানো কিবা লাভ আছে ?
অমাৱস্যাৰ কান্ধত ধৰি চন্দ্ৰক চুব খোজে,
সেই চহকী ভিকহুৱে
হৃদয়ৰ আশাবোৰ চোন সুৰুঙাৰে সৰকি পৰে
সেয়া বাধা দি ৰাখিব পৰা,
শক্তিৰ অধিকাৰী হ’ব পাৰিলেনে ভয়াতুৰ ধৰণীৰ বোজাটোৱে ?
সপোনবোৰ তাৰ ছবি হৈ লুকাই থাকে হেনো
বুকুৰ পৃষ্ঠাত….!
কাহিনী হৈ পৰি ৰয় স্মৃতিৰ কোলাত….!
তথাপিও নিলাজে মিছা হাঁহি মাৰে এই মানৱৰণ্যত
ৰঙা বেলিৰ সান্নিধ্য পোৱাৰ আকাংক্ষাক
কবৰ দিলে সি ৰক্তাশয়ৰ গোপন কোঠালিত
কেতিয়াবায়ে….!
কৃত্ৰিম স্নিগ্ধতাই , মন কেনেকৈ নো জুৰাব তাৰ ?
ক্ষণ গণি আছে মাথোঁ….
অঁ অ’, ক্ষণ গণি আছে….!
অচিন আকাশৰ সিপাৰে নিথৰ হৈ জীয়াই থকালৈ….
সংগীতা মাইনা ডেকা,
ৰঙিয়া