‘অগ্নিপথ’ আঁচনিক লৈ প্ৰথমবাৰলৈ মন্তব্য প্রকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Pc NDTV.com

‘অগ্নিপথ’ আঁচনিক লৈ প্ৰথমবাৰলৈ মন্তব্য প্রকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীৰ প্ৰগতি ময়দানৰ প্ৰধান টানেল উদ্বোধনত উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘অগ্নিপথ’ প্রকল্পত নিয়োগৰ প্ৰতিবাদত দেশজুৰি অগ্নিগর্ভ পৰিস্থিতি অব্যাহত থকাৰ সময়তে এই বিষয়টোক লৈ  প্ৰথমবাৰলৈ মন্তব্য প্রকাশ কৰে।প্ৰধানমন্ত্রী মোদীয়ে কয় যে দেশৰ নাগৰিকসকলৰ মংগলৰ বাবে চৰকাৰে বিভিন্ন প্ৰকল্পৰ পৰিকল্পনা কৰে। কিন্তু তাত ৰাজনীতিৰ ৰং লাগি গ’লে প্ৰতিটো উদ্দেশ্য ব্যাহত হয়। প্রধানমন্ত্রীয়ে কয় যে দেশবাসীৰ বাবে এইটো দুৰ্ভাগ্যৰ বিষয়। বহু ভাল কামৰ পৰিকল্পনা কৰা হয় ভাল উদ্দেশ্য ৰাখি। কিন্তু ৰাজনীতিৰ ৰং লাগি এই উদ্দেশ্য ব্যাহত হৈ যায়। ‘অগ্নিপথ’ক লৈ দেশত আজিও অগ্নিগর্ভ পৰিস্থিতি দেখিবলৈ পোৱা গ’ল। বিহাৰ, তেলেংগানা আদি ৰাজ্যত আজিও উত্তপ্ত পৰিস্থিতি অব্যাহত আছে। আনকি বিজেপিশাসিত মধ্যপ্রদেশ, উত্তৰ প্ৰদেশতো অগ্নিপথ প্ৰকল্পৰ বিৰুদ্ধে নিবনুৱা যুৱক-যুৱতীয়ে বিক্ষোভৰ জুই জ্বলাই আছে। ইতিমধ্যে এই বিক্ষোভ-প্রতিবাদৰ ফলত ব্যাপক ক্ষতি হৈছে দেশৰ বিভিন্ন ৰাজ্যত। আনকি ৰে’ল বিভাগৰ ৭০০ কোটি টকাৰো অধিক সম্পত্তি নষ্ট হৈছে। এই প্ৰকল্পত প্ৰতিবাদত নামিছে বিৰোধী পক্ষও। ইফালে, প্রধানমন্ত্ৰীৰ এই মন্তব্যৰ সমান্তৰালকৈ তিনিওটা সশস্ত্র বাহিনীৰ মুৰব্বীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠকৰ পাছতে এখন সংবাদ মেল আয়োজন কৰি তিনিওগৰাকী সশস্ত্র বাহিনীৰ মুৰব্বীয়ে উল্লেখ কৰে যে এই নতুন নিয়োগৰ উদ্দেশ্যই হৈছে অধিকসংখ্যক ভাৰতীয় সেনাত চাকৰিৰ সুযোগ দিয়া। এই প্রকল্প প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰশ্নই নুঠে বুলিও তিনিওগৰাকী সেনাপ্রধানে ঘোষণা কৰে।কৰা হয় সংবাদ মেলত।