অখিল ভাৰতীয় বিদ্যৰ্থী পৰিষদ অসম আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা, বিশ্ববিদ্যালয় আইনী ছাত্ৰ সন্থাৰ মাজত বাকযুদ্ধ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী জলুকবাৰীস্থিত বিশ্ববিদ্যালয়ৰ চৌহদত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসমৰ এখন ৰাজ্যিক ছাত্ৰ নেতাৰ সমাৰোহ বি কে বি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷এ বি ভি পি ছাত্ৰ নেতা সকলৰ সমাৰোহলৈ বিভিন্ন বিদ্যালয় সমূহৰ পৰা অহা ছাত্ৰ নেতা সকল আৰু উক্ত অনুষ্ঠানত উপস্থিত আছিল প্ৰবক্তা তথা মুখ্যমন্ত্ৰীৰ উপদেষ্টা ড° ননী গোপাল মহন্ত,এ বি ভি পিৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহন, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক যোগিৱালকিয়া শুক্লা, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ চেন্চেলৰ সমুদ্ৰগুপ্ত কাশ্যপ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহ-সম্পাদিকা নিহাৰিকা দেৱী আদি প্ৰমুখ্যে প্ৰায় ৪৫০ জন মান অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰ-ছাত্ৰী আনহাতে ‘কা’ আইনৰ বিৰোধিতা কৰি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয়ৰ আইনী ছাত্ৰ সন্থাৰ প্ৰায় ১০০ ছাত্ৰ-ছাত্ৰীয়ে অৱস্থান প্ৰতিবাদ সাব্যস্ত কৰি আছিল স্নাতকোত্তৰ বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভাপতি জিন্টু দাস,সাধাৰণ সম্পাদক হিমনজিত ডেকা, আৰিফ মীৰ আৰু নৱকান্ত বৰা আদিৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ সমীপতে ৷ এ বি ভি পি ছাত্ৰ সকলে বিশ্ববিদ্যালয়ৰ চৌহদৰ গেটত NO CAA বুলি লিখি থোৱা বেনাৰখন খুলি এ বি ভি পিৰ সাংগঠনিক পতাকা লগাই দিওঁতে উক্ত প্ৰতিবাদৰত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সদস্য সকল আৰু এ বি ভি পিৰ ছাত্ৰ সকলৰ মাজত তৰ্কাতৰ্কি হয় আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থায়ে এ বি ভি পিৰ ছাত্ৰ সকলক প্ৰেক্ষাগৃহৰ গেটত বাধা প্ৰদান কৰে ৷ পৰিস্থিতি উত্তপ্ত হৈ উঠে আৰু এ বি ভি পিৰ ছাত্ৰ সকলে থেলি হেচি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰি অনুষ্ঠান চলাই যায়৷ইফালে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ছাত্ৰ সকলে বিশ্ববিদ্যালয়ৰ চৌহদৰ পদপথত টায়াৰ আদি জ্বলায় ‘কা’ আমি নামানো বুলি শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে৷ এনেতে এ বি ভি পিৰ তৰফৰ পৰা চেণ্ডেল দলিওৱা কথা এটাক লৈয়ে স্নাতকোত্তৰ ছাত্ৰ আৰু আইনী ছাত্ৰ সকল প্ৰায় ২০০ ছাত্ৰ গোটখাই এ বি ভি পিৰ প্ৰেক্ষাগৃহটোৰ সমুখৰ তোৰণৰ বেনাৰ আদি অগ্নি সংযোগ কৰি ভাঙি লণ্ড-ভণ্ড কৰে৷দুই দলৰ মাজত থেলা-থেলি , হতাহথি হয়৷ পৰস্পৰ বহুত-বুজনিৰ পিছত পৰিস্থিতি শাম কাটে আৰু স্নাতকোত্তৰ ছাত্ৰ সকলে এনে অপৰাধ সংঘটিত কৰা ছাত্ৰজনক বিচাৰি ক্ষমা খোজাৰ দাবী তোলে৷ পিছত ছাত্ৰ জনক বিচাৰি নোপোৱাত এ বি ভি পিৰ ছাত্ৰ সকল প্ৰায় সংখ্যকে স্থান এৰি গুচি যায়৷