অক্ষয়  তৃতীয়াৰ মহত্ব -গিৰিমা  গোস্বামী

PC -BoldSky Bengali

অক্ষয়  তৃতীয়াৰ মহত্ব 

প্ৰকৃতাৰ্থে  প্ৰতি মাহৰে শুক্লপক্ষৰ  তৃতীয়া তিথিটো পবিত্ৰ  দিন ।

পুৰান অনুসৰি  বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিৰ বিশষ মহত্ব আছে আৰু পবিত্ৰ দিন বুলি মনা হয় । এই তিথিটোত বহুতো উল্লেখযোগ্য ঘটনাৰ  উত্থান পতন হৈছিল ।

আমাৰ সকলোৰে মনত সাধাৰণতে  অক্ষয়  তৃতীয়া বুলিলে সোণ- ৰূপৰ অলঙ্কাৰ বা বস্তু কিনিব লাগে  এই ধাৰণাটো উদয়  হয় ।

প্ৰকৃততে অক্ষয় তৃতীয়ানো কি , কিয় অক্ষয় তৃতীয়া কোৱা হয় সেই বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোচোন আহঁক –

বহাগ  মাহৰ  শুক্নপক্ষৰ তৃতীয়া তিথিত ভগৱান বিষ্ণুৱে পৰশুৰাম ৰূপে জন্ম গ্ৰহণ কৰিছিল । এইদিনাই ভগৱান বিষ্ণুৱে নৰনাৰায়ন আৰু হয়গ্ৰীৱ মাধৱৰ ৰূপ ধাৰণ কৰিছিল   ।

এইদিনটোতে গুৰু বেদব্যাসে মহাভাৰত লিখিবলৈ আৰম্ভ কৰিছিল ।

সত্যযুগৰ সমাপ্ত হৈ ত্ৰেতাযুগৰ আৰম্ভ , মহাভাৰতৰ যুদ্ধ সমাপ্ত , দ্বাপৰ যুগৰো সমাপ্ত হৈছিল । এইদিনাৰ  পৰাই তীৰ্থস্থান বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ কাৰণে  মুকলি কৰি দিয়া হয় ।

অক্ষয়  তৃতীয়াই এটা দিন যিদিনা বৃন্দাবনৰ “ বাংকে বিহাৰী প্ৰভুৰ”  চৰনযুগলৰ দৰ্শন হয়  । বাকী গোটেই বছৰ বস্ত্ৰৰে ঢাকি  ৰখা হয় ।

এইদিনটো যিহেতু পবিত্ৰ দিন  সেইকাৰণে  প্ৰবিত্ৰ দিনত মূল্যবান বস্তু ঘৰলৈ  আনিলে ভাল বুলি ভবা হয় ।  সোণ –ৰূপ বহুত মূল্যবান ৰত্ন আৰু মালক্ষ্মী ভগৱতীৰো সোণ – ৰূপ অতিকে প্ৰিয় । সেইকাৰণেই অক্ষয় তৃতীয়াত সোণ – ৰূপ কিনিব লাগে বুলি কয় , কিন্তু এইটো  কোনো নিয়ম নহয় । মুখে মুখে চলি অহা মানুহে নিজে পাতি লোৱা নিয়মহে ।

এইদিনাৰ পৰাই বসন্ত ঋতুৰ সমাপ্ত হৈ গ্ৰীষ্ম ঋতুৰ আৰম্ভ হয় । এইদিনা নানান তৰহৰ বস্তু , বস্ত্ৰ , দান কৰা হয় আৰু দান – দক্ষিণাৰ  যি পুণ্য সেই পুণ্য কোনো  জনমতে শেষ নহয় । অক্ষয় তৃতীয়া দিনটো স্বয়ং সিদ্ধ দিন । এইদিনটোত যিকোনো সময়তে পুজা- পাৰ্বন, বিবাহ , যিকোনো শুভ কাম কৰিব পাৰে ।

মানৱসেৱা এইদিনটোৰ  বিশেষ মহত্ব আছে । মানৱ সেৱাই হৈছে “ ভগৱান  সেৱা ”  । সেইকাৰণে  এইদিনটোত যিমান পাৰে সাধ্য অনুসাৰে  দুখীয়া –দৰিদ্ৰক  সহায় কৰিব লাগে । ভোকাতোৰ  আৰ্ত্তজনক খুৱাব লাগে । এইদিনা এবটল পানীও যদি পথচাৰীক  দিব পাৰে বহুত পুণ্য হয় আৰু এই পুণ্যৰ ফল পৰিনামে জনমে    জনমে  লাভ কৰিবলৈ সক্ষম হয় ।

এইদিনটোতে ৰজা ভগীৰথে পূৰ্বপুৰুষৰ উদ্ধাৰৰ অৰ্থে “ মা গঙ্গাক ” পৃথিৱীলোকলৈ আনিছিল বুলি প্ৰবাদ আছে আৰু ,সেইকাৰণে এই তিথিত পূৰ্ব-পুৰুষৰ উদ্দেশ্যে একলোটা পানী অৰ্পন কৰিলে বহুত পুণ্য হয় । এই পুণ্যৰ ফল কোনো  জনমতে শেষ নহয় , অক্ষয় হৈ থাকে ।

ইমানখিনি উল্লেখযোগ্য মহত্বৰ কাৰণেই “ বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিক অক্ষয় তৃতীয়া”  বোলা হয় । যাৰ কোনো অন্ত নাই ।

(প্ৰচাৰ মাধ্যমৰ সহায় লৈ লিখা )

গিৰিমা  গোস্বামী

গুৱাহাটী