অইদ বিচাৰি- সংগীতা মাইনা ডেকা

 অইদ বিচাৰি

 

উশাহৰ প্ৰান্তত ,

কবিতা এটি লিখাৰ হেনো কথা আছিল

গোলাপৰ ৰঙেৰে….!

পিছে আগুৱাই গৈ গৈ,

সাগৰখন হাতৰ দুমুঠিত অনাৰ আকাংক্ষাত

বালিবোৰ হে চোন,

হাতত পৰিল….!

জীয়নৰ কিছু পলো,

আজুৰি অনাৰ কথা আছিল সেই উশাহবোৰৰ….!

কিন্তু এয়া নো কি ?

খালী খালী পৃষ্ঠাবোৰ যে,

আশাৰ ৰেখাবোৰ গোপনে গোপনে আঁকি থোৱা

এই হাত দুখনিত পৰিল….!

জানো কিয় বা….?

 

সংগীতা মাইনা ডেকা ,

ৰঙিয়া