NEET-PG কাউন্সেলিং ১২ জানুৱাৰীৰ পৰা আৰম্ভ

NEET-PG কাউন্সেলিং ১২ জানুৱাৰীৰ পৰা আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই দেওবাৰে কৈছিল যে ২০২১-২০২২ বৰ্ষৰ বাবে NEET-PG কাউন্সেলিং ১২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। উচ্চতম ন্যায়ালয়ে কৈছিল যে সৰ্বভাৰতীয় কোটা আসনত বিদ্যমান  ২৭% অ’বিচি (অন্যান্য পিছপৰা শ্ৰেণী) আৰু ১০% ইডব্লিউএছ (অৰ্থনৈতিকভাৱে দুৰ্বল শাখা) সংৰক্ষণৰ ওপৰত আধাৰিত কৰি NEET-PG কাউন্সেলিং আগবাঢ়িব লাগে।