HSLC আৰু HS পৰীক্ষা বাতিলৰ পৰামৰ্শ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুস্থিত কেবিনেটৰ

pc India Today

অনলাইন ৰ্ত্তাসেৱা – আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত HSLC আৰু HS সন্দৰ্ভত বহুসময় ধৰি আলোচনা কৰা হয়। এই আলোচনাৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে পৰামৰ্শ দিয়ে যে, বৰ্তমান পৰিস্থিতিত পৰীক্ষা অনুস্থিত কৰিব পৰা নাযায়। কিন্তু এই সিদ্ধান্ত চূড়ান্ত নহয় বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কেবিনেট বৈঠকৰ পিছত আয়োজন কৰা সংবাদমেলৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত অহা ১৮ জুনত শিক্ষা বিভাগে ছাত্ৰ সংগঠনৰ সৈতে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে।