GMCHৰ বিল্ডিঙৰ পৰা জঁপিয়ালে এজন ব্যক্তিয়ে

Pc Northeast Now

GMCHৰ বিল্ডিঙৰ পৰা জঁপিয়ালে এজন ব্যক্তিয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ GMCHত বিল্ডিঙৰ পৰা জঁপিয়ালে এজন ব্যক্তিয়ে। লোকজনৰ বয়স ২৭ বছৰ বুলি জানিব পৰা গৈছে। আজি পুৱা ৬.৫৬ বজাত সংঘটিত হৈছে এই ঘটনা। লোকজনৰ পৰিচয় বৰ্তমানলৈ হাস্পতাল কৰ্তৃপক্ষই জানিব পৰা নাই। লোকজন বৰ্তমান সংকতজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুলি জানিবলৈ দিছে হাস্পতাল কৰ্তৃপক্ষই। এমাৰজেন্সী বিল্ডিঙৰ তলত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় লোকজনক। লোকজন কোনো ৰোগীৰ অভিভাৱক আছিল বুলি সন্দেহ কৰা হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তথ্য এই মুহূৰ্তলৈ জানিবলৈ দিয়া নাই হাস্পতাল কৰ্তৃপক্ষই।