আইতাৰ অনলাইন স্বাধীনতা দিৱস — স্বাগতা বৰুৱা

pc-orissapost

আইতাৰ অনলাইন স্বাধীনতা দিৱস

জুপুকা লাগি বহি থকা মুনুক দেখি চুমুৱে বোলে কি হ’ল মুনু, কিয় এনেকৈ বহি আছা??এহ্ নকবা আৰু ১৫ আগষ্ট বুলি আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতা,আবৃত্তি প্ৰতিযোগিতা আদিত অংশগ্ৰহণ কৰিম বুলি ভাবিছো কিন্তু এই নেটৱৰ্কৰ সমস্যাৰ বাবে মোৰ দিয়াই নহ’ব যেন লাগিছে।চোৱাচোন কেনেকৈ ঘূৰি আছে।এহ্ ইমান সৰু কথাটোতেই নো মন বেয়া কৰে নে? আজি গোটেই দিনটো আছে নহয়।ৰাতিলৈ নেটৱৰ্ক আহি যাব চাবা।মইওটো ৰাতিলৈহে পঠিয়াম।তেনেতে বাবু খুড়াহতঁৰ ঘৰৰ খুড়ী আইতা আহিল।মুনু আৰু চুমু দুয়ো গৈ আইতাকক হাতত ধৰি পদূলিৰ পৰা ভিতৰলৈ লৈ আহিল।আইতাই বোলে তোমালোকে কি কৰি আছিলা?আইতা আমি স্বাধীনতা দিৱসৰ উপলক্ষে আয়োজন কৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কথা আলোচনা কৰি আছো।বৰ ভাল পাইছো শুনি কথাটো।কিন্তু এই কৰ’না কালত প্ৰতিযোগিতাত ভাগ ল’বলৈ নোযোৱাই ভাল নেকি?কৰ’না লাগি আহিলে ডাঙৰ কথা হ’ব।আইতা আমি ঘৰৰ পৰাই অংশগ্ৰহণ কৰিম, ক’তো নাযাওঁ নহয়।ঘৰৰ পৰা,কেনেকৈ?অনলাইন যোগে আইতা।অনলাইন যোগেনো কেনেকৈ কৰে।একেবাৰে সহজ মই যেনিবা এখন ছবি আকিলোঁ আৰু সেই ছবিখনৰ ফটো এখন তুলি আয়োজক কমিটিৰ হোৱাটছ এপ নম্বৰত পঠিয়াই দিলো হৈ গ’ল।অ’ এই অনলাইনটো বৰ ভাল বস্তু উলিয়ালে দেই।অনলাইন যোগে আৰু কি কি কাম কৰিব পাৰিনো?আইতা বৰ্তমানৰ এই পৃথিৱীখন হাতৰ মুঠিলৈ লৈ আনিছে এই অনলাইনেই।অনলাইনত কৰিব নোৱাৰা কাম একো নাই।আজি ডেৰ বছৰে আমি বিদ্যালয়লৈ যোৱা নাই কিন্তু আমি অনলাইনৰ যোগেদিয়ে শিক্ষা লাভ কৰি আছো আমাৰ শিক্ষকসকলৰ পৰাই।এতিয়া আমি স্বাধীনতা দিৱসও উদযাপন কৰিম এই অনলাইনৰ যোগেদিয়েই।আমাৰ বিদ্যালয়তো স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বহুতো প্ৰতিযোগিতাৰ আয়োজন কৰিছে।যেনে কুইজ,আকস্মিক বক্তৃতা, চিত্ৰাংকন, কবিতা আবৃত্তি ইত্যাদি।তেনেতে চুমুৱে বোলে আইতা মই স্বাধীনতা দিৱসৰ ওপৰত এটা বক্তৃতা ও দিম বুলি ভাবিছোঁ।বৰ ভাল ভাবিছাঁ।মুনু তুমিও দিবা নিকি?নাই আইতা মই শ্ৰদ্ধাৰ হীৰেণ ভট্টাচাৰ্য্য দেৱৰ মোৰ দেশ কবিতাটো আবৃত্তি কৰিম ।হয়নিকি অকনমান গাই শুনোৱাছোন।
মোৰ দেশ
মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ
গানৰো গানৰ,মোৰ দেশ
মোৰ প্ৰতিটো কামে,মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শইছ-সোণোৱালী ভৱিষ্যতৰ সপোন………
মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ
আদৰ্শৰ কঠিন
পৰ্বত…. মূললৈ…
বৰ সুন্দৰ হৈছে দেই মুনু।তেনেতে ঘড়ীৰ পৰা ১২ বজাৰ সংকেত শুনি আইতাই বোলে এতিয়া বহুত সময় হ’ল মাৰাক মাতি দিয়া মাত দি মই যাওঁ।ভিতৰৰ পৰা মাকে বোলে এনেকে গ’লে কেনেকৈ হ’ব?আপুনি অহাৰ কথা মই গ’মেই নাপালো।চাহ নোখোৱাকৈ মই যাবলৈ দিব নোৱাৰো।বোৱাৰী চাহটো সদায় খাওঁ কিন্তু আজি চুমু- মুনুৰ পৰা যিখিনি জানিবলৈ পলো সি চাহতকৈও বেছি উপাদেয়।সেয়েহে মই চুমু- মুনুক স্বাধীনতা দিৱসৰ শুভেচ্ছাৰ লগতে প্ৰতিযোগিতা যাতে ভালদৰে প্ৰদৰ্শন কৰি নাম ৰাখিব পাৰে তাৰে আৰ্শীৱাদ দি এতিয়া যাওঁ,নহ’লে ইমান দেৰি হ’ল ক’ত গ’লো বুলি ঘৰত ফোনাফোনি হ’ব দেই—এইবুলি হাঁহি হাঁহি আইতা ঘৰলৈ গ’লগৈ।

স্বাগতা বৰুৱা