মৰীচিকা – জিতু মণি কলিতা

pc-reddit

মৰীচিকা
°°°°°°°°°°°°

এতিয়া প্ৰেমৰ বতৰ নহয়…..
লুকা ভাকুৰ সময়ো উকলিল…..
জাপিৰ তলত প্ৰাণ পোৱা,
পথাৰো উৰুঙা হ’ল….
নদী সুৰুঙাৰ সূৰুজটোৱে…..
দপদপাই থকা পোহৰলৈ
সন্ধ্যা নমালে
নিশাৰ আকাশত জোনাকী হৈ
মৰীচিকা তুমি…..

জিতু মণি কলিতা