সৰ্বভাৰতীয় উইম্বলডন মেচ- ৰোহন বোপান্না-ছানিয়া মিৰ্জা যুটি বিজয়ী

সৰ্বভাৰতীয় উইম্বলডন মেচ- ৰোহন বোপান্না-ছানিয়া মিৰ্জা যুটি বিজয়ী

অনলাইন বাৰ্তাসেৱা – শুকুৰবাৰে উইম্বলডনত অনুষ্ঠিত ঐতিহাসিক সৰ্বভাৰতীয় মিক্সড ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলখনত ৰোহন বোপান্না আৰু ছানিয়া মিৰ্জাৰ অভিজ্ঞ সংমিশ্ৰণ খেলখনত ৰামকৌমাৰ ৰামনাথন আৰু অংকিতা ৰাইনাৰ সম্পূৰ্ণ নতুন সংমিশ্ৰণক ৬-২, ৭-৬ (৫)ত পৰাস্ত কৰে।

বোপান্না স্পষ্টভাৱে তেওঁৰ শক্তিশালী প্ৰদৰ্শন আৰু  বেচলাইনৰ পৰা কঠিন গ্ৰাউণ্ড ষ্ট্ৰোকৰ সৈতে কোৰ্টৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল। মিৰ্জাই বেথানি মাটেক-চেণ্ডছৰ সৈতে মহিলাৰ দ্বৈত দ্বিতীয় ৰাউণ্ডলৈও আগবাঢ়িছে ।

এইটো মুকলি যুগত প্ৰথম বাৰৰ বাবে যে দুটা ভাৰতীয় দলে গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্টত ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল।

 

M.M