ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মেচত বতৰে বিধিপথালি দিয়াৰ সম্ভাৱনা

pc assam.news18.com

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মেচত বতৰে বিধিপথালি দিয়াৰ সম্ভাৱনা

ৰঙিলী বাৰ্ত্তাসেৱা- ২ অক্টোবৰত গুৱাহাটীত আছে টি–২০ খেল। গুৱাহাটীলৈ আহে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰসকল।কিন্তু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মেচত বতৰে বিধিপথালি দিয়াৰ সম্ভাৱনা আছে।কাৰণ ২ অক্টোবৰত গুৱাহাটীত প্ৰৱল বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি ২ অক্টোবৰত গুৱাহাটীত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে হ’ব পাৰে বজ্ৰপাত।আনহাতে ৩ আৰু ৪ অক্টোবৰতো গুৱাহাটীত বতাহ-বৰষুণৰ লগতে বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে।তথাপি কেতিয়াবা বতৰৰ পৰিৱৰ্তন সলনি হোৱা দেখা যায়৷আশা কৰো বতৰ ভাল হৈ ক্ৰিকেট প্ৰেমী ৰাইজৰ মনবোৰ আনন্দময় কৰি তোলে৷আৰু দুগুণ উৎসাহেৰে খেল চাব পাৰে৷