ৰে’লৰ ৫৮ বিঘা মাটি বণিয়াক দিয়াৰ প্ৰতিবাদত গুৱাহাটীত চি পি আই (এম)ৰ উত্তাল প্ৰতিবাদ

ৰে’লৰ ৫৮ বিঘা মাটি বণিয়াক দিয়াৰ প্ৰতিবাদত গুৱাহাটীত চি পি আই (এম)ৰ উত্তাল প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ মাজ মজিয়াত থকা ৫৮ বিঘা ৰে’লৰ মাটি ব্যক্তিগত ব্যৱসায়ীক পানীৰ দামত গতাই দিয়াৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চি পি আই (এম)দলে৷ দলৰ ৰাজ্যিক কমিটীৰ উদ্যোগত মালিগাঁওস্থিত এন এফ ৰে’লৱেৰ সদৰ কাৰ্যালয়ৰ সন্মুখত দুই শতাধিক পাৰ্টিৰ সভ্য-সমৰ্থকৰ লগতে সাধাৰণ লোক উপস্থিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড, বেনাৰ লৈ বণিয়াক ৰে’লৰ মাটি দিয়াৰ সিদ্ধান্ত বাতিল কৰক, বণিয়াক নহয় ভূমিহীনক মাটি দিয়ক, অসমৰ মাটি অসমৰ ৰাইজক ঘূৰাই দিয়ক, ৰাজহুৱা সম্পত্তি বেচৰকাৰীকৰণৰ নীতি প্ৰত্যাহাৰ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ বিজেপি চৰকাৰৰ বণিয়াপ্ৰীতি আৰু গুৱাহাটীৰ কেন্দ্ৰস্থলৰ মাটি পানীৰ দামত বণিয়াক দিয়াৰ ক্ষোভত একাংশ স্থানীয় ৰাইজেও প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰে৷ চি পি আই (এম)ৰ আন্দোলন কাৰ্যসূচীৰ খবৰ আগতীয়াকৈ লাভ কৰি মালিগাঁওস্থিত ৰে’লৰ মুখ্য কাৰ্যালয়ত ব্যাপক সংখ্যক আৰক্ষী আৰু ৰে’ল আৰক্ষী নিয়োগ কৰে৷ আৰক্ষীৰ বাধা নেওচিও বৃহৎসংখ্যক প্ৰতিবাদকাৰী সেই স্থানত সমৱেত হয় আৰু জংগী প্ৰতিবাদ আৰম্ভ কৰে৷প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি চমু বক্তব্য দাঙি ধৰে চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে৷ বক্তব্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি তালুকদাৰে কয় যে বিজেপি চৰকাৰে চূড়ান্ত জনবিৰোধী দৃষ্টিভংগীৰে ৫৮ বিঘা ৰে’লৰ মাটি পানীৰ দামত বণিয়াক দিব ওলাইছে৷ যি বিজেপি চৰকাৰে সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাক সমাধিস্থ কৰাৰ বাবে গুৱাহাটীত এডোখৰ মাটি দিব নোৱাৰিলে সেই চৰকাৰে বণিয়াক মাটি দিবলৈ উঠি-পৰি লাগিছে৷ এয়া চৰম লজ্জাজনক আৰু অসমৰ স্বাৰ্থৰ পৰিপন্থী৷ তেওঁ আৰু কয়- যদি ৰে’লৰ প্ৰয়োজন নাই তেন্তে শীঘ্ৰে সেই মাটি অসম চৰকাৰক ঘূৰাই দিব লাগে আৰু অসম চৰকাৰে গুৱাহাটীৰ ভূমিহীন আৰু গৃহহীন পৰিয়ালবোৰৰ বাবে সেই মাটি ব্যৱহাৰ কৰিব লাগে৷  বিজেপি চৰকাৰে বৃহৎ ব্যৱসায়ীক কৰ-কটাল ৰেহাই দিছে আৰু ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি দেশ চলাবলৈ ওলাইছে৷ চমু বক্তব্য দাঙি ধৰি দলৰ ৰাজ্যিক নেতা শতঞ্জীৱ দাসে কয় যে বিজেপি চৰকাৰে গ্ৰহণ কৰা নেশ্বনেল মনিটইজেশ্বন পলিচিৰ মাজেৰে ৰে’লকে ধৰি অন্যান্য বিভাগৰ ছয় লাখ কোটি টকা মূল্যৰ মাটি-সম্পত্তি আদি বিক্ৰী কৰিবলৈ উঠি-পৰি লাগিছে৷ ৰাজহুৱা খণ্ডক ধবংস কৰি সেই সম্পত্তি কেইজনমান বৃহৎ ব্যৱসায়ীৰ মাজত বিতৰণ কৰা এই জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব লাগিব৷ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে ৫৮ বিঘা মাটি বণিয়াক দিয়াৰ সিদ্ধান্ত শীঘ্ৰে বাতিল কৰাৰ দাবী জনাই উত্তৰ-পূব সীমান্ত ৰে’লৱে মহাপ্ৰবন্ধকৰ জৰিয়তে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে৷ প্ৰতিবাদকাৰীসকলৰ আগত এই স্মাৰকপত্ৰ পাঠ কৰে দলৰ ৰাজ্যিক সম্পাদকমণ্ডলীৰ সদস্য ইচ্‌ফাকুৰ ৰহমানে৷ সুপ্ৰকাশ তালুকদাৰ, ইচ্‌ফাকুৰ ৰহমান, টিকেন দাস আৰু শতঞ্জীৱ দাসক লৈ গঠিত প্ৰতিনিধি দলটোৱে মহাপ্ৰবন্ধকৰ প্ৰতিনিধিৰ হাতত এই স্মাৰকপত্ৰ অৰ্পণ কৰে৷