ৰেচন কাৰ্ড থকা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে

pc hindustan times

ৰেচন কাৰ্ড থকা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা- দীর্ঘদিন ধৰি ভুৱা তথ্য-পাতিৰে একাংশ চৰকাৰী কৰ্মচাৰীয়ে অন্ত্যোদয়া অন্ন যোজনা (এ এ ৱাই)ৰ কাৰ্ড সংগ্ৰহ কৰি দুখীয়া  লোকসকলৰ বাবে অহা খাদ্য সামগ্রী সংগ্ৰহ কৰি অহাই নহয়, আর্থিকভাৱে যথেষ্ট সচ্ছল হোৱা সত্ত্বেও এ এ ৱাই কাৰ্ডৰ জৰিয়তে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰি আহিছে। খাদ্য আৰু অসামৰিক যোগান বিভাগ ইয়াকে লৈ বিভিন্ন সময়ত উত্থাপন হৈ থকা অভিযোগৰ পাছতে শেহতীয়াকৈ তৎপৰ হৈ পৰিছে। বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অবৈধভাৱে দখল কৰি থকা পৰিয়াল পৰিচয়-পত্ৰ স্বেচ্ছাই প্রত্যাহাৰ কৰিবলৈ আবেদন জনাইছিল। সেই আবেদনৰ প্ৰতি কিছুসংখ্যক লোকে সঁহাৰি জনাইছিল যদিও এতিয়াও সৰহসংখ্যক চৰকাৰী চাকৰিয়ালে ভুৱা তথ্যৰে ৰেচন কাৰ্ডৰ জৰিয়তে সংগ্ৰহ কৰি আহিছে খাদ্য-সামগ্রী। সেয়েহে শেহতীয়াকৈ ৰাজ্য চৰকাৰে অহা ১৫ মাৰ্চৰ ভিতৰত প্ৰতিজন চৰকাৰী কৰ্মচাৰীক পৰিয়াল পৰিচয়-পত্ৰ স্বেচ্ছাই প্রত্যাহাৰ কৰিবলৈ অন্তিম সীমা বান্ধি দিছে। অন্যথা এনে ৰেচন কাৰ্ড থকা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও স্পষ্ট কৰি দিছে।