ৰেচন কাৰ্ড কেলেংকাৰীঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ চৰকাৰী চাকৰিয়াল আৰু ধনী পৰিয়ালে প্রত্যাহাৰ কৰক ৰেচনকাৰ্ড

Pc- economic times

ৰেচন কাৰ্ড কেলেংকাৰীঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ চৰকাৰী চাকৰিয়াল আৰু ধনী পৰিয়ালে প্রত্যাহাৰ কৰক ৰেচনকাৰ্ড

অনলাইন বাৰ্ত্তাসেৱা- যিসকল চৰকাৰী চাকৰিয়াল আৰু ধনী পৰিয়ালে ৰেচনকাৰ্ডৰ গৰাকী হৈ চৰকাৰৰ পৰা বিভিন্ন সা-সুবিধা আদায় কৰি আছে তেনে লোকসকলক ৰেচনকাৰ্ড প্রত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্রীয়ে কাঢ়া নির্দেশ দিয়ে।  উল্লেখ্য যে  দিছপুৰত যোগান বিভাগৰ কাম-কাজ বিশেষকৈ খাদ্য সুৰক্ষা আইন আৰু সমবায় বিভাগৰ কাম-কাজক লৈ এক বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকখনতে ৰাজ্যজুৰি ৰাষ্ট্ৰীয় খাদ্যসুৰক্ষা আইন যাতে সুচাৰুৰূপে ৰূপায়িত হয় তাৰ বাবে সমবায় সমিতিসমূহক সক্রিয় ভূমিকা গ্রহণ কৰিবলৈয়ো মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। উল্লেখ্য যে কৃষি আৰু সমবায় মন্ত্রী অতুল বৰাকে ধৰি যোগান বিভাগ আৰু সমবায় বিভাগৰ উচ্চপদস্থ আমোলা-বিষয়াসকলে অংশগ্রহণ কৰা এই পর্যালোচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ সকলো হিতাধিকাৰীৰ পৰা ৰেচনকাৰ্ড ঘূৰাই লোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোগান বিভাগক দিয়া নির্দেশনা দিয়ে।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত এফালে যিদৰে ধনী অথবা চৰকাৰী চাকৰিয়ালৰ দৰে ব্যক্তিয়েও বি পি এল কাৰ্ড লাভ কৰিছিল ঠিক একেদৰে এই লোকসকলেই কেলেংকাৰী কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ ৰেচন কার্ডৰ সুবিধা গ্ৰহন কৰে। এই কাৰ্ডৰ জৰিয়তে এতিয়া ৰাজ্যখনত কেইবালক্ষাধিক ধনী লোকে চৰকাৰৰ পৰা বিনামূলীয়া চাউল তথা অন্যান্য সামগ্রী আদায় কৰি আহিছে।  মুখ্যমন্ত্রী ড° শৰ্মাই আজিৰ বৈঠকত যোগান বিভাগক তৎকালেই এনে ধনী ব্যক্তিসকলক চিনাক্ত কৰি তেওঁলোকৰ পৰা ৰেচনকাৰ্ড ওভতাই আনিবলৈ নিৰ্দেশ জাৰি কৰিছে।