ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ অভিজ্ঞ চিকিৎসক ডাঃ পান্নালালে কৰিবঃ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা

ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ অভিজ্ঞ চিকিৎসক ডাঃ পান্নালালে কৰিবঃ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক স্কুটী প্ৰদানৰ সময়ত দিয়া ভাষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা আৰু অসম-মেঘালয় সীমান্তৰ গুলীচালনাৰ প্ৰসংগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে আনন্দ শৰ্মাৰ পৰিয়ালে ডিব্ৰুগড়তে চিকিৎসা কৰাটো বিচাৰা বুলি জানিবলৈ দি তেওঁৰ চিকিত্‍সা তাতেই কৰা হ’ব বুলি প্ৰকাশ কৰে। তেওঁ লগতে ছাত্ৰগৰাকীৰ অস্ত্ৰোপচাৰ অভিজ্ঞ চিকিৎসক ডাঃ পান্নালালে কৰিব বুলি কয়।