ৰুক্মিণী নগৰত “উন্মনা ফাগুনত সাতসৰীৰ অন্তৰংগ আলাপ’

ৰুক্মিণী নগৰত “উন্মনা ফাগুনত সাতসৰীৰ অন্তৰংগ আলাপ’

ৰঙিলী বাৰ্ত্তাসেৱা-  সাতসৰী সামাজিক-সাংস্কৃতিক উন্নয়ন সংস্থাৰ উদ্যোগত মহানগৰীৰ ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত ‘উন্মনা ফাগুনত সাতসৰীৰ অন্তৰংগ আলাপ’ নামৰ এটি নান্দনিক অনুষ্ঠান অনুষ্ঠিত হয়। সাতসৰীৰ সভানেত্রী তথা লেখিকা ড° মন্দিৰা বৰুৱাই সঞ্চালনা কৰা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ দিয়ে সাতসৰীৰ সম্পাদিকা মালাশ্ৰী লস্কৰ বৰাই। অনুষ্ঠানত যশস্বী কন্ঠশিল্পী তথা অৱসৰী ইতিহাস বিভাগৰ অধ্যাপিকা ড° অনিমা চৌধুৰী, ‘আৰোহণ’ৰ মুৰব্বী প্ৰীতি শইকীয়া, অনু ভূঞা, দীপ্তি গোস্বামী, পবিত্র শৰ্মা, জ্যোৎস্না ভাগৱতী, মীৰা দাস চহৰীয়া,ড° কণিকা দত্ত, চামিম আহমেদ, গীতা ভৰালীক ‘সাতসৰী’ৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত ভালেমান কবি, শিল্পীয়ে কবিতা আবৃত্তি, গীত-মাত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে। সভাত  ‘সাতসৰী’ৰ নতুন সমিতিখন ড° মন্দিৰা বৰুৱাক সভানেত্রী আৰু মালাশ্ৰী লস্কৰ বৰাক সম্পাদিকা হিচাপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰে।