ৰাহুল গান্ধীক ‘মোদী উপাধি’ গোচৰত দুবছৰৰ কাৰাদণ্ড

Pc Tribune India

ৰাহুল গান্ধীক ‘মোদী উপাধি’ গোচৰত দুবছৰৰ কাৰাদণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  চুৰাট আদালতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক “মোদী উপাধি” সন্দৰ্ভত কৰা মন্তব্যৰ বাবে ২০১৯ চনত তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰিছে। আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। অৱশ্যে, ৱায়ানাডৰ সাংসদজনক তৎক্ষণাৎ ১৫,০০০ টকাৰ বণ্ডত জামিন দিয়া হয়। কংগ্ৰেছ নেতা গৰাকীয়ে ২০১৯ চনত কৰ্ণাটকত অনুষ্ঠিত এক ৰাজহুৱা সভাত মোদীৰ বিৰুদ্ধে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে- কিয় প্ৰতিটো চোৰৰ উপাধি মোদী হয়? ৰাহুল গান্ধীৰ এই মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা তথা বিধায়ক তথা গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে এটা অভিযোগ দাখিল কৰিছিল।