ৰাষ্ট্ৰীয় পৰ্যায়ত শিৱসাগৰৰ নাম জিলিকালে এগৰাকী ছাত্ৰীয়ে

ৰাষ্ট্ৰীয় পৰ্যায়ত শিৱসাগৰৰ নাম জিলিকালে এগৰাকী ছাত্ৰীয়ে

অমৰজিৎ ৰাভা, ওদালগুৰি, ৰঙিলী বাৰ্ত্তাসেৱা– বোকাতহে পদুম ফুলে। এই আপ্তবাক্যষাৰীকে পুনৰ এবাৰ প্ৰমাণিত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত শিৱসাগৰৰ নাম জিলিকালে এগৰাকী ছাত্ৰীয়ে। শিৱসাগৰ জিলাৰ কালুগাঁৱৰ নামতিয়াল গাঁৱৰ জীয়ৰী আকাংক্ষ্যা তামূলীয়ে দিল্লীত অনুষ্ঠিত দেশৰ ৭৩ তম গণৰাজ্য দিৱসত ভাগ লৈ জিলাখনৰ লগতে সমগ্ৰ উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই আনিলে। এন চি চিৰ এন ৪৯ আছাম ন’ভেল ইউনিটৰ হৈ আকাংক্ষ্যাই গণৰাজ্য দিৱসৰ পেৰেডত ভাগ লোৱাৰ লগতে অসমৰ ঐতিহ্য সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। আকাংক্ষ্যাই উঠি অহা প্ৰজন্মক এন চি চিৰ প্ৰতি গুৰুত্ব দিবলৈ মন্তব্য কৰাৰ লগতে ই অধ্যয়ণত কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে বুলি উল্লেখ কৰে। এই সফলতাৰ বাবে শলগুৰি সমবায় সমিতি, শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা, অগপ বৰুৱাপুখুৰী আঞ্চলিককে ধৰি অঞ্চলটোৰ ভালেসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানে আকাংক্ষ্যাক উষ্ম অভিনন্দন জনায়।