ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক

pc Facebook
ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক
অনলাইন বাৰ্ত্তাসেৱা – গুৱাহাটীত ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসমৰ ৰাজ্যিক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। বৈঠকখনত এমজিএনৰেগা, এনআৰএলএম, ডিডিইউজিকেৱাই আৰু জলচ্ছেদ কাৰ্যসূচীৰ বহুতো আঁচনি আৰু কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰে আৰু লগতে অনাগত দিনত পৰিকল্পিত আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰা মূল্যৱান পৰামৰ্শ গ্ৰহণ কৰে।
(UD.)