ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত টিহুত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত টিহুত মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা পাটাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিৎ কুমাৰ দাসে টিহু ক্ৰীড়া সন্থাই আয়োজন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ পতাকা উত্তোলন কৰি কয় যে ‘ৰাজ্যৰ নতুন চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব। হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্মদিনৰ লগত সংগতি ৰাখি পালন কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দৰে অসম গৌৰৱ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অসমতো অসম চৰকাৰে অসম ক্ৰীডয়া দিৱস পালন কৰিব।’ তেওঁ কয় যে অসম চৰকাৰে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত পদক প্ৰাপ্তসকলক ক্ৰীড়া পেন্সন প্ৰদান কৰিব। ইয়াৰ অংশ হিচাপে আগন্তুক অসম ক্ৰীড়া দিৱসত ৰাজ্যৰ ১৮৬ গৰাকী খেলুৱৈক ক্ৰীড়া পেন্সন প্ৰদান কৰা হʼব। কেবিনেট মন্ত্রী দাসে ৰাষ্ট্ৰীয় ক্রীড়া দিৱসৰ লগত সংগতি ৰাখি বজালী ভেটাৰ্ণ আৰু টিহু ভেটাৰ্ণ একাদশৰ মাজত অনুষ্ঠিত এখন প্রীতি ফুটবল খেলত অংশগ্ৰহণ কৰি খেলুৱৈসকলক উৎসাহিত কৰে। ফুটবল খেলখন উদ্বোধন কৰে ক্ৰীড়া সংগঠক মনমোহন দাসে। ইয়াৰ পূৰ্বে পুৱা নন্দেশ্বৰ ডেকা সোঁৱৰণী মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰে টিহু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰত্নেশ্বৰ শৰ্মাই। অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ক্ৰমে টিহু ক্রীড়া সংঘৰ কাৰ্যকৰী সভাপতি কৰুণা কলিতা আৰু প্ৰাক্তন ৰাজ্যিক ৰেফাৰী নগেন হালৈয়ে৷ ইয়াৰ পাছতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত কেইবাগৰাকীও ন-পুৰণি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৱৈক সম্বৰ্ধনা জনোৱা হয়।

 

(RT)