ৰাম নাম -নিতিষ্মান দাস

ৰাম নাম

ৰাম নাম জীৱনৰ দুখহাৰী,
জনমে জনমে শুনো ভক্তিৰ বাণী।
ভক্তিৰ হয় এক শক্তিশালী নাম,
অৱতাৰ নাৰায়ণৰ পুৰুষোত্তম ৰাম।
জগতৰ তুমি হয় পৰম প্ৰভু,
সংকট মচি দিয়া কৰত লৈ ধনু।
জনম লভি বিনন্দীয়া হল ধৰিত্ৰী,
ধৰিত্ৰী আইক ৰক্ষাৰ বাবে দিলা প্ৰতিশ্ৰুতি। দশৰথৰ সপোন আৰু মাতৃ কৌশল্যা,
ৰামৰ জনমভূমি হয় অযোধ্যা।
সীতা মাক জিনিলা হৰ ধনু ভাঙি,
পৰশুৰামৰ উগ্ৰতাক, দিলা শান্ত কৰি।
মন্থৰাৰ কথাত কৈকেয়ে বনবাস দিলে,
এই কথায়ে দশৰথৰ বুকুত আঘাত হানিলে।
ৰামৰ সংগ দি গল সীতা লক্ষ্মণ,
ভৰতে খৰমত ল’লে তোমাৰ চৰণ।
চব্ৰিমালা আছিল তোমাৰ অন্যতম ভক্ত,
অহল্যাক অভিশাপৰ পৰা কৰিলা মুক্ত।
ৰাৱণে মায়াজাল পাতি কৰিলে চাল চলন,
ভীক্ষাৰী ভেশেৰে সীতাক কৰিলে হৰণ।
বিচাৰি সীতাক, হনুমানৰ সৈতে হল মিলন,
ৰামৰ ভক্তিৰে ভৰপূৰ হনুমানৰ মন।
বালিৰ আছিল সুগ্ৰীৱৰ সৈতে ভুল বুজা বুজি,
নিজ ইচ্ছাৰে বালিয়ে মৃত্যুক ল’লে সাৱটি।
হনুমানে অশোক ভাটিকাত সীতা সৈতে হ’ল মিলন,
স্বর্ণ লঙ্কা হনুমানে কৰিলে দহন।
কিষ্কিনধা পৰা লঙ্কালৈ প্ৰস্তান কৰে,
সমুদ্র পাৰ হ’বলৈ ৰাম সেতু গঢ়ে।
বন্ধু আছিল তোমাৰ বিশ্বাসী বিভীষণ,
ৰাৱণৰ আঁতৰা নাছিল অহংকাৰী মন।
সংকটত পৰিছিল লক্ষনৰ প্ৰাণ,
পর্বতকে উঠাই আনিছিল, বীৰ হনুমান।
এই যুদ্ধত ৰাৱণ পৰাস্ত হয়,
এনেদৰে ধৰ্ম পুনৰ হয় জয়।
যিদিনা ৰাম, অযোধ্যালৈ আহিছিল উভতি,
সমগ্ৰ ভাৰতত সকলোৱে পালন কৰে দীপাৱলী। ৰাম নাম জীৱনৰ দুখহাৰী,
জনমে জনমে শুনো ভক্তিৰ বাণী
।জয় শ্ৰী ৰাম।

-নিতিষ্মান দাস
সপ্তম শ্রেণী