ৰাতিপুৱা
এছ ইছলাম,শিক্ষক
মইনবৰী, বৰপেটা
উঠা উঠা সোণ ময়না
উঠা গিৰিসাই,
সৌ চোৱা ৰহিম কৰিম
শুই থকা নাই।
সৌ চোৱা চৰাই-চিৰিকটি
উঠিল কিৰিলিয়াই,
সৌ চোৱা গাই দামূৰী
উঠিল হেম্বেলিয়াই।
সৌ চোৱা পাৰ চৰাই
উঠিল ৰুণৰুণাই,
সৌ চোৱা ঘন চিৰিকাই
উঠিল চিৰিকাই।
সৌ চোৱা কুলি-কেতেকী
উঠিল কুউ কুউকৈ,
সৌ চোৱা মঠ-মন্দিৰত
পুৱাৰ স্তুতিগীত গায়।
পূব আকাশত ৰঙা বেলিটিয়ে
উঠিছে ৰাঙলী হৈ,
ফুলবোৰৰত কলি ভোমোৰাই
আছে গুণগুণাই।
উঠা উঠা সোণ ময়ন
চকু হাত-মুখ ধোৱা,
পুৱাৰ জলপান খাই উঠি গৈ
নিজৰ পাঠ কোৱা।