ৰাজ্য চৰকাৰে চিনাক্ত কৰা কৃষকে পি এম কিষাণ আঁচনিকে ধৰি বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ সুবিধা লাভ কৰিবঃ অতুল বৰা

pc Sentinel Assam

অনলাইন বাৰ্ত্তাসেৱা – অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্ৰাংগণত কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী পাৰষোত্তম ৰূপালাই গুৱাহাটীৰ কৃষি বিভাগৰ কেন্দ্ৰীয় আঁচনিসমূহৰ কাম-কাজ পর্যালোচনা কৰাৰ পাছত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত প্রকাশ কৰে যে ৰাজ্য চৰকাৰে চিনাক্ত কৰা কৃষকে পি এম কিষাণ আঁচনিকে ধৰি বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ সুবিধা লাভ কৰিব। পি.এম. কিষাণ আঁচনিৰ প্ৰসংগত মন্ত্ৰী বৰাই কয় যে অসমৰ বহু প্রকৃত কৃষকৰ মাটি বছৰ বছৰ ধৰি তেওঁলোকৰ পিতৃৰ নামতেই আছে, নিজৰ নামলৈ নামজাৰি হোৱা নাই। তেনে বহু কৃষকৰ নাম পি.এম. কিষাণ আঁচনিৰ তালিকাৰ পৰা বাদ পৰিছে। এই প্রেক্ষাপটত অসম চৰকাৰে চিনাক্ত কৰা কৃষকসকলে কেন্দ্ৰীয় আঁচনিৰ সুবিধা লাভ কৰিলে আমাৰ বহুতো প্রকৃত কৃষক উপকৃত হ’ব যিটো এটা শুভ সংবাদ।

           মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰূপালা আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ মাজত অনুষ্ঠিত এখন বৈঠকত ৰাজ্যখনৰ বিভিন্ন কেন্দ্ৰীয় আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত পুংখানুপুংখভাৱে হোৱা আলোচনাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কিছুমান পৰামৰ্শ আগবঢ়ায় বুলিও মন্ত্ৰী বৰাই প্ৰকাশ কৰে।

(UD.)