ৰাজ্যৰ ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছেঃ মন্ত্ৰী ৰঞ্জিত দাস

pc The Economic Times.jpg

অনলাইন বাৰ্ত্তাসেৱা – দুদিনীয়া ভ্ৰমণসূচীৰে কোকৰাঝাৰত উপস্থিত হৈ বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে উক্ত মন্তব্য কৰি অহা ৪ আগষ্টৰ পৰাই বিজেপিয়ে উপনিৰ্বাচনৰ কামত মনোনিৱেশ কৰিব। যদিহে ছয়খন আসনত উপ নিৰ্বাচন অনুষ্ঠিত হয় তেনেহ’লে ছয়খন আসনতেই বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিব বুলি দাবী কৰি মন্ত্ৰী ৰঞ্জিত দাসে তেওঁ নিজেই তামোলপুৰ বিধানসভা সমষ্টিৰ দায়িত্ব লৈছে আৰু এখন নিৰ্বাচনী কমিটিও গঠন কৰা হৈছে । অহা ৪ আগষ্টত তামোলপুৰত উপ নিৰ্বাচন সন্দৰ্ভত এক বৈঠকত মিলিত হ’ব বুলি মন্তব্য কৰি গোসাঁইগাঁও সমষ্টিৰ দায়িত্ব মন্ত্ৰী অশোক সিংঘালক দিয়া হৈছে বুলি সদৰি কৰে।

ইফালে, দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হোৱা মন্ত্ৰী ৰঞ্জিত দাসে আৱৰ্ত ভৱনত কোকৰাঝাৰৰ বিশিষ্ট ব্যক্তি , বুদ্ধিজীৱি সকলৰ সৈতে মতবিনিময় কৰে । বিটিআৰৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিশিষ্ট ব্যক্তি , বুদ্ধিজীৱিসকলৰ পৰা দিহা -পৰামৰ্শ গ্ৰহণ কৰি ৰঞ্জিত দাসে ইয়াৰ পিছতেই বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ সতে পৰ্যালোচনা সভা অনুষ্ঠিত কৰে । জলজীৱন আঁচনিৰ অধীনত অহা ২০২৪ চনৰ ভিতৰত গ্ৰাম্য অঞ্চলত ৫৩ লাখ লোকক খোৱাপানীৰ যোগান ধৰিব বুলি মন্তব্য কৰি মন্ত্ৰী ৰঞ্জিত দাসে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমুহৰ সঠিক ৰূপায়নত গুৰুত্ব আৰোপ কৰে ।

তদুপৰি শুকুৰবাৰে মন্ত্ৰী ৰঞ্জিত দাসে থুলুংগাপুৰীত থকা বডোফাৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰিব আৰু বিটিচি সচিবালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰিব । দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হোৱা মন্ত্ৰী ৰঞ্জিত দাসৰ কাৰ্যসূচীত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , বিটিচিৰ কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে । বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই মন্ত্ৰী ৰঞ্জিত দাসক আদৰণি জনাই ভয়মুক্ত বিটিচি গঢ়াৰ বাবে পদক্ষেপ লোৱাৰ কথা সদৰি কৰে । পূৰ্বতে যি গোষ্ঠী সংঘৰ্ষ হৈ গ’ল সেয়া ভৱিষ্যতে যাতে পুনৰাই নহয় বুলি মন্তব্য কৰি প্ৰমোদ বড়োই শিক্ষা , কৃষিত গুৰুত্ব দিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। তদুপৰি অসম-মিজোৰামৰ সংঘাতত দুখ প্ৰকাশ কৰি শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলীৰে যি সমস্যা আলোচনাৰে সমাধান কৰিব পাৰি তাত বন্দুকৰ ব্যৱহাৰ মুঠেই গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ।

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে প্ৰকাশ কৰে, ‘ৰাজ্যৰ ৫টা সমষ্টিত নহয়, ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । পূৰ্বতে মই কৈছিলো ৰাজ্যৰ পাঁচ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সকলোৱে মোক সুধিছিল এয়া কেনেকৈ সম্ভৱ বুলি। কিন্তু আজি মই কওঁ ৰাজ্যৰ ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।’।

(By Utpal Kalita)