ৰাজ্যৰ পৰিবহণ বিভাগে দ্ৰুতবেগী বাহনৰ গতিবেগ ৰোধৰবাবে গ্ৰহণ কৰা সিদ্ধান্তত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ

Pc- The Sentinel Assam

ৰাজ্যৰ পৰিবহণ বিভাগে দ্ৰুতবেগী বাহনৰ গতিবেগ ৰোধৰবাবে গ্ৰহণ কৰা সিদ্ধান্তত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ

অনলাইন বাৰ্ত্তাসেৱা– মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্যাপক বিতৰ্কৰ পাছতে হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে  ৰাজ্যৰ পৰিবহণ বিভাগে ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী বাহনৰ অতপালি ৰোধ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তত। ঘণ্টাত ৪০ কিলোমিটাৰতকৈ অধিক বেগত ঘাইপথেৰে গʼলে পৰিবহণ বিভাগে জৰিমণা বিহাৰ বাবে ইণ্টাৰচেপ্টৰ বাহন সাজু কৰি ৰখাৰ বিৰুদ্ধে সৰ্বস্তৰৰ জনসাধাৰণে চৰকাৰক তীৰ্ব সমালোচনা কৰিছিল। মুখ্যমন্ত্ৰীয়ে পৰিবহণ বিভাগ আৰু লোকনিৰ্মাণ বিভাগে গ্ৰহণ কৰা এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে প্ৰতিঘণ্টাত ঘাই পথেৰে ৪০ কিলোমিটাৰ গতিবেগৰ পৰিৰ্ৱতে ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰিবলৈ ইতিমধ্যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক নিৰ্দেশ দিয়া হৈছে। জৰিমনা বিহাৰ পৰিৱৰ্তে জনসাধাৰণক সজাগ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

 

(R.T)