ৰাজ্যিক শোক দিৱস পালনৰ আহ্বান

Pc Shutterstock

ৰাজ্যিক শোক দিৱস পালনৰ আহ্বান

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰে বিগত বছৰবোৰৰ দৰে এই বছৰো ১৬ আগষ্ট, ২০২২ তাৰিখৰ দিনটো ৰাজ্যিক শোক দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে৷ উল্লেখযোগ্য যে, ২০০৪ চনত ধেমাজিত স্বাধীনতা দিৱস উদ্‌যাপনত অংশগ্ৰহণ কৰিবলৈ গৈ সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত বহু সংখ্যক নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল৷ সেইসকল নিহত লোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে প্ৰতি বছৰৰ দৰে এইবাৰো ১৬ আগষ্ট, ২০২২ তাৰিখে দিনৰ ১১.০০ বজাত সকলো জিলা আৰু মহকুমা কাৰ্যালয়ত এই দিৱস পালন কৰিবলৈ আহ৩ান জনাইছে৷ সেই উদ্দেশ্যে সকলো চৰকাৰী কাৰ্যালয়ৰ মুৰব্বীসকলক কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীক একত্ৰিত কৰি এক মিনিট সময় মৌন ব্ৰত পালন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ তদুপৰি, সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু নিয়মিত ৰাষ্ট্ৰীয় পতাকা উৰি থকা অনুষ্ঠানসমূহত সেইদিনা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে৷ বোমা বিস্ফোৰণত নিহত শিশু তথা অন্যান্য লোকসকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠানত ঐক্য আৰু শান্তিৰ শপত বাক্য পাঠ কৰিবলৈও ৰাজ্য চৰকাৰে আহ্বান জনাইছে৷