ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক ৰঙিলী বাৰ্ত্তাৰ সম্বৰ্ধনা

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক ৰঙিলী বাৰ্ত্তাৰ সম্বৰ্ধনা

২৬ আগষ্ট, বাৰ্ত্তাসেৱা – প্রাক্তন জলসিঞ্চন, দুৰ্য্যোগ প্ৰশমণ লগতে শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক আৰু বৰ্তমান ৰাজ্যিক বিজেপিৰ সভাপতিৰ পদ অলংকৃত কৰা শ্ৰীযুত ভৱেশ কলিতালৈ সপ্তাহিক অসমীয়া বাতৰি কাকত ‘ৰঙিলী বাৰ্ত্তাৰ’ সম্বৰ্ধনা আগবঢ়োৱা হয়। ছাত্ৰ অৱস্থাৰে পৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত ,পৰৱৰ্তী সময়ত RSS কাৰ্যকৰ্তাৰূপে আত্মপ্ৰকাশ কৰি ৰাজনৈতিক  ক্ষেত্ৰখনলৈ সফল ব্যক্তিৰূপে ভাৰতীয় জনতা পাৰ্টী চমুকৈ (বিজেপি) ৰাজ্যিক সভাপতিলৈ অলংকৃত হোৱা ভৱেশ কলিতাই “”সমাজসেৱক, কবি, বিশিষ্ট সাংবাদিক তথা সপ্তাহিক অসমীয়া বাতৰি কাকত  ৰঙিলী বাৰ্ত্তাৰ প্ৰতিষ্ঠাপক সম্পাদক ‘স্বৰ্গীয় মহেশ চন্দ্ৰ মেধি’ৰ লগত থকা এটা ভাল সম্পৰ্ক আছিল, যিজন ব্যক্তিয়ে ভৱেশ কলিতাক মাৰ্গদৰ্শন কৰিছিল সেই ব্যক্তিজনৰ আদৰ্শ আৰু আৰ্শিবাদৰ কথা সদায় সুৱৰাৰ কথা প্ৰকাশ কৰে ভৱেশ কলিতাই। সেয়েহে ৰঙিয়াস্থিত পৰিদৰ্শন বাংলাত ৰঙিলী বাৰ্ত্তাৰ স্বত্বাধিকাৰী তথা কাৰ্যকৰী সম্পাদক উদ্দিপ্ত নয়ন মেধি আৰু ৰঙিলী বাৰ্ত্তাৰ পৰিয়ালবৰ্গই তেখেতৰ সফলতাক সম্নান জনাই তেখেতৰ ৰাজনৈতিক ভৱিষ্যৎ আৰু অধিক উজ্জ্বলৰ কামনাৰ্থে ৰঙিলী বাৰ্ত্তাৰ সম্বৰ্দ্ধনা পত্ৰ, শৰাই আৰু গামোচাৰে ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাক সম্বৰ্ধনা জনাই।