ৰাজ্যিক বিজেপিৰ উদ্যোগত ৭ দিনীয়া অনলাইন যোগাসন শিবিৰৰ শুভাৰম্ভ

PC Twitter

বাৰ্ত্তাসেৱা – কোভিডৰ জটিল পৰিস্থিতিৰ মাজতো যাতে ৰাজ্যৰ জনসাধাৰণ সুস্বাস্থ্য আৰু নিৰোগী হৈ থাকে এই উদ্দেশ্য আগত ৰাখি বিজেপিৰ অসম প্ৰদেশৰ উদ্যোগত ৭ দিনীয়াকৈ অনলাইন যোগাসন শিবিৰৰ আয়োজন কৰা হয়। ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত অনলাইন যোগাসন কাৰ্যৰ শুভাৰম্ভ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। হোজাইৰ বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰামকৃষ্ণ ঘোষৰ তত্বাৱধানত পৰিচালনা হোৱা যোগাসন অনুষ্ঠানত সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীকে আদি কৰি ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া আৰু কেইবাজনো বিধায়ক উপস্থিত থাকে। উল্লেখ্য যে এই অনলাইন যোগাসন শিবিৰ ৰাজ্যিক বিজেপিৰ বিভিন্ন মৰ্চাৰ নেতৃত্বত তথা ৩৯খন সাংগঠনিক জিলাৰ সহযোগত সমগ্ৰ অসমতে ৭ দিনীয়াকৈ আয়োজিত হʼব।