ৰাজ্যিক বিজেপিত  আনুষ্ঠানিকভাৱে গঠন হʼল ‘টীম ভৱেশ কলিতা’ 

pc-Twitter

ৰাজ্যিক বিজেপিত  আনুষ্ঠানিকভাৱে গঠন হʼল ‘টীম ভৱেশ কলিতা’ 

অনলাইন বাৰ্ত্তাসেৱা– ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দলটোৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্য়ালয়ত আয়োজিত এক অনুষ্ঠানত সভাপতিগৰাকীয়ে নতুন বিষয়ববীয়াৰ নাম ঘোষণা কৰে। এই তালিকাত কেইবাগৰাকীও দলীয় নেতাৰ গুৰুত্বপূৰ্ণ পদৰ পৰা আঁতৰ কৰা হৈছে। মুখপাত্ৰৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ৰূপম গোস্বামীকো এই দায়িত্বৰ পৰা আঁতৰোৱা হৈছে। ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীৰ দায়িত্বত থকা অপৰাজিতা ভূঞাকো দায়িত্বৰ পৰা অব্যাহতি দি মৰ্চাৰ নতুন সভানেত্ৰীৰুপে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক বাচনি কৰিছে। ঘোষণা কৰা নতুন তালিকা অনুসৰি উপ-সভাপতি ৰুপে নিৰ্বাচিত কৰা হৈছে শিলচৰৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, সাংসদ তপন কুমাৰ গগৈ, ৰেখাৰাণী দাস বড়ো, বিজুলী কলিতা মেধি, বিধায়ক নৱ কুমাৰ দলে, অশোক ভট্ট ৰায়, জয়ন্ত কুমাৰ দাস আৰু অজয় কোঁৱৰক। সাধাৰণ সম্পাদক পদৰ দায়িত্ব সাংসদ পল্লৱ লোচন দাস,পুলক গোহাঁই আৰু দীপ্লু ৰঞ্জন শৰ্মাক অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকৰ পাছতেই ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ তালিকা চূড়ান্ত কৰা হয়। ভৱেশ কলিতাৰ ফালৰ পৰাওএই তালিকাত দুই-এগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হৈছে। ঘোষিত তালিতাক দলৰ সম্পাদক হিচাবে আঠগৰাকী নেতাক দায়িত্ব অৰ্পণ কৰিছে। মৰ্চাসমূহৰ সভাপতিসকলকো দলে নিৰ্বাচিত কৰিছে। কামাখ্যা প্ৰসাদ তাছাক দলৰ মূখ্য মুখপাত্ৰৰুপে দায়িত্ব অৰ্পণ কৰা হৈছে ।

 

(RT)