ৰাজ্যিক কেবিনেটৰ উচ্চ শিক্ষাৰ পাঠদানত নতুন নিৰ্দেশনা

Pc-Twitter

ৰাজ্যিক কেবিনেটৰ উচ্চ শিক্ষাৰ পাঠদানত নতুন নিৰ্দেশনা

অনলাইন বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক কেবিনেটৰ নতুন নিৰ্দেশনা অনুসৰি কোভিড ভেকচিন নোলোৱাকৈ কোনা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, কৰ্মচাৰীয়ে শিক্ষানিষ্ঠানত প্ৰৱেশ কৰিব নোৱাৰিব। ৰাজ্য চৰকাৰে এই নতুন নিয়মেৰে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্য, স্নাতক চূড়ান্ত বৰ্ষ আৰু বিশ্ববিদ্যালয়ৰ প্ৰাগ স্নাতক চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ কৰিবলৈ সিদ্ধান্ত দিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা তিনিটা শাখাৰ পাঠদান আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে পাঠদান আৰম্ভ কৰাৰ বাবে যাৱতীয় কৌশলো নিৰ্ণয় কৰে। সেই অনুসৰি পাঠদান গ্ৰহণ কৰিবলৈ যোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে কোভিড ভেকচিনৰ প্ৰথমপালি গ্ৰহণ কৰাটো বাধ্যতামূলক কৰি দিছে। কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে পাঠদান গ্ৰহণ কৰিবলৈ যোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমপালি ভেকচিন লোৱাটো বাধ্যতামূলক আৰু তেওঁলোকো নিৰ্দিষ্ট সময়ত দ্বিতীয়পালি ভেকচিনো গ্ৰহণ কৰিবলৈ দায়বদ্ধ থাকিব লাগিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰি কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-কৰ্মচাৰীসকলেও কোভিড ভেকচিন লোৱাটো বাধ্যতামূলক। শিক্ষানুষ্ঠানৰ লগতে শিক্ষানুষ্ঠানসমূহৰ হোষ্টেলসমূহো মুকলি কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। হোষ্টেলত থাকিবলৈ অহা সকলো ছাত্ৰ-ছাত্ৰীয়ে কোভিডৰ ভেকচিন লোৱাটো বাধ্যতামূলক কৰা হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ৫ ছেপ্টেম্বৰলৈ বিভিন্ন শিক্ষানুষ্ঠান চৌহদত সকলো ছাত্ৰ-ছাত্ৰী,শিক্ষক-কৰ্মচাৰীয়ে ভেকচিন লোৱাটো নিশ্চিত কৰাৰ অৰ্থে মেগা কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সকলো শিক্ষক-কৰ্মচাৰীৰ লগতে ১৮ বছৰৰ ওপৰৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে এই শিবিৰসমূহত ভেকচিন লʼব লাগিব।

 

(RT)