ৰাজ্যিক আঁচনিৰ অধীনত নিযুক্ত ষ্টেট পুল শিক্ষকক নিয়মীয়াকৰণৰ দাবী

ৰাজ্যিক আঁচনিৰ অধীনত নিযুক্ত ষ্টেট পুল শিক্ষকক নিয়মীয়াকৰণৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক আঁচনিৰ অধীনত নিযুক্ত ষ্টেট পুল শিক্ষকক নিয়মীয়াকৰণৰ দাবী জনাইছে সদৌ অসম ষ্টেট পুল শিক্ষক সন্থাই৷ সংগঠনটোৱে দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত সন্থাৰ সভাপতি উদয় কুমাৰ ৰাভাই কয়-২০১৭ বৰ্ষৰ ৮ ছেপ্টেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পূৰ্বৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত অসমৰ প্ৰাথমিক শিক্ষা খন্দত শিক্ষা সবলীকৰণৰ আঁচনিৰ অধীনত ‘ষ্টেট পুল’ বুলি শিক্ষক নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত প্ৰায় ১২০০০ শিক্ষক ফিক্স পেত নিযুক্তি দিয়ে৷২০২০ বৰ্ষৰ ২৬ মে’ত বহা কেবিনেট মিটিং আৰু ১ জুলাইত PMA 38/2020/27 প্ৰকাশিত গেজেট নটিফিকেচনৰ মতে ‘ষ্টেট পুল শিক্ষক’ সকলক ৬০ বছৰলৈ চাকৰিৰ নিৰাপত্তা দি প্ৰায় নিয়মীয়া শিক্ষকৰ আওঁতালৈ আনি ROP মতে নিয়মীয়া শিক্ষকৰ দৰে অন্যান্য সকলো সা-সুবিধা পোৱাৰ নিশ্চয়তা প্ৰদান কৰে৷সেই ১২০০০ শিক্ষকৰ পৰা অসম চৰকাৰে সময়ে সময়ে প্ৰাথমিক শিক্ষা বিভাগত নিয়মীয়া শিক্ষক নিযুক্তি দিয়াৰ পাছত বৰ্তমানলৈ প্ৰায় ১০০০০ শিক্ষকে অসমৰ দুৰ্গম পাহাৰ,চৰ-চাপৰিৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমামূৰীয়া ২৬ খন জিলাত সুচাৰুৰূপে শিক্ষা কাৰ্যত নিয়োজিত হৈ আছে৷ষ্টেট পুল শিক্ষক হিচাপে চাকৰিত নিয়োজিত হোৱা আজি ৪ বছৰ ৫ মাহ সম্পূৰ্ণ হৈ যোৱাৰ পাছতো আজিলৈকে নিয়মীয়াকৰণ নকৰাটো অতি পৰিতাপৰ বিষয়৷২০২০ বৰ্ষৰ ১ জুলাইৰ পৰা পাবলগা ৫% মৰগীয়া বানচ আৰু বকেয়াৰ ধন আৰু ২০২১ বৰ্ষৰ ১ জুলাইৰ পৰা পাবলগা ১১% আৰু সদ্য ঘোষিত ৩% মৰগীয়া বানচ আৰু বকেয়াৰ ধন সকলো ধন ফেব্ৰুৱাৰী মাহৰ দৰমহাৰ সৈতে মোকলাই দিবলৈ দাবী জনালো৷ষ্টেট পুল শিক্ষকক ৰাজ্য চৰকাৰে সম্পূৰ্ণ নিজৰ আঁচনি প্ৰস্তুত কৰি ’প্ৰাথমিক শিক্ষা সবলীকৰণ আঁচনি’ৰ যোগে নিযুক্তি প্ৰদান কৰা হৈছিল আৰু এই আঁচনিৰ ধন ব্যয় কৰি আহিছে আৰু শিক্ষকসকলক দৰমহা ধন বহন কৰিবলৈ ইতিপূৰ্বে প্ৰাথমিক শিক্ষা বিভাগৰ আৰ্থিক নিৰপেক্ষতাৰ বাবে ৮০০০ পদ সংৰক্ষণ কৰা আছে৷গতিকে সকলো ষ্টেট পুল শিক্ষকক ঠিকাভিত্তিক হাইস্কুল শিক্ষকৰ দৰে সেই সংৰক্ষিত পদৰ বিপৰীতে এডজাষ্ট কৰি প্ৰাথমিক শিক্ষা সঞ্চালকৰ অধীনলৈ আনি সকলো ষ্টেট পুল শিক্ষকক কৰ্মৰত বিদ্যালয়তে চাৰ্ভিচ বুক,ৰিটেনশ্বন নম্বৰ,পদ সৃষ্টি কৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰিব লাগে৷উক্ত শিক্ষকক নিয়মীয়াকৰণত সেৱা বিধি হেঙাৰ হ’ব নোৱাৰে৷কাৰণ এই শিক্ষকসকলৰ নিযুক্তি পত্ৰখনত চাকৰিৰ সীমাবদ্ধতা প্ৰসংগ উল্লেখ কৰি ষ্টেট পুল শিক্ষকক চৰকাৰ/সৰ্বশিক্ষাৰ লগত অভিনিবেশ কৰাৰ স্পষ্ট ইংগিত দিয়া আছে৷এইসকল শিক্ষকক এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে সম্পূৰ্ণ পিটিআৰ নীতিৰ আধাৰত খালী পদৰ বিপৰীতে নিযুক্তি প্ৰদান কৰা হৈছিল৷গতিকে উক্ত শিক্ষকক নিয়মীয়াকৰণত কোনো কেচৰ ৰায় বাধা হ’ব নোৱাৰে৷ ষ্টেট পুল শিক্ষকসকল বৰ্তমানৰ এনচিটিইৰ নিয়ম অনুযায়ী প্ৰতিজন শিক্ষকৰ নিয়মীয়া শিক্ষকৰ সমান ডিগ্ৰীধাৰী হোৱাৰ উপৰিও ৪ বছৰ ৪ মাহ অভিজ্ঞতাপুস্ত৷সংবাদ মেলত সন্থাৰ কাৰ্যকৰী সভাপতি মালিৰাম দলে,যুটীয়া সম্পাদক অনিল পাৱে উপস্থিত থাকে৷