ৰাজ্যত স্বাস্থ্য বিভাগৰ নতুন এছ অ’ পি জাৰি

PC Time8

ৰাজ্যত স্বাস্থ্য বিভাগৰ নতুন এছ অ’ পি জাৰি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যত এতিয়ালৈ কোনো লোক অমিক্ৰনত আক্ৰান্ত হোৱা নাই যদিও সতর্কতামূলক ব্যৱস্থা হিচাপে নতুন এছ অ’ পি প্ৰকাশ কৰিছে।মহকুমাধিপতিৰ কলিয়াবৰৰ  কার্যালয় সভাকক্ষত আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ৰাজ্যখনত অমিক্ৰনৰ সংক্রমন ৰোধ কৰাৰ বাবে এছ অ’ পি প্ৰকাশ কৰে। ৰাতিপুৱা ৬ বজাৰ পৰা এছ অ’ পিখন কাৰ্যকৰী হৈছে। নতুন এছ অ’ পি অনুসৰি সমগ্ৰ ৰাজ্যত নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ সাক্ষ্য আইন বলবৎ থাকিব। অৱশ্যে নববর্ষ উপলক্ষে অহা ৩১ ডিচেম্বৰত এই বাধা-নিষেধসমূহ প্রযোজ্য নহ’ব বুলি মন্ত্ৰী মহন্তই স্পষ্ট কৰি দিয়ে। তেওঁ কয় যে ৩১ ডিচেম্বৰক বাদ দি আন দিনসমূহত ব্যবসায়িক প্রতিষ্ঠানসমূহ নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব। চৰকাৰী, বেচৰকাৰী কাৰ্যালয়ো নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব। গেলামাল, ফলমুল, শাক-পাচলি, গাখীৰকে ধৰি দুগ্ধজাত সামগ্ৰীৰ দোকান, মাছ-মাংসৰ দোকান আদিও নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব। ৰেষ্টুৰেণ্ট, ধাবা আদিও নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব। শ্ব’ৰুমৰ কাউণ্টাৰ, ক’ল্ড ষ্ট’ৰেজ আদিও নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব। অৱশ্যে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িতসকলক এই বাধ্য-বাধকতাৰ পৰা ৰেহাই দিয়া হৈছে। লগতে সংবাদ মেলখনত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে  বিভিন্ন সভা-সমিতিৰ ক্ষেত্ৰত সভাগৃহত থকা ৫০ শতাংশ আসনতহে মানুহ থাকিব পাৰিব আৰু প্ৰত্যেকেই দুয়োপালি ক’ভিড ভেকচিন লোৱা ব্যক্তি হ’ব লাগিব। হোটেল-ৰেষ্টুৰেণ্টসমূহেও ৫০ শতাংশ আসনতহে গ্ৰাহকক বহিব দিব লাগিব। চিনেমা গৃহসমূহেও ৫০ শতাংশ আসনত দর্শকক বহিব দিব লাগিব। তদুপৰি প্ৰত্যেকে মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক। ইয়াৰ অন্যথা চৰকাৰে জৰিমনা বিহিব।ধর্মীয় স্থানসমূহতো, ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰৰ দৰে স্থানত ঘণ্টাত ৬০ গৰাকী লোক প্ৰৱেশ কৰিব পাৰিব। তদুপৰি প্ৰত্যেকে দুয়োপালি ভেকচিন লোৱা লোক হ’ব লাগিব। অন্যান্য ধর্মীয় প্রতিষ্ঠানত ঘণ্টাত ৪০ গৰাকী লোক প্ৰৱেশ কৰিব পাৰিব। এইসকল লোকো দুয়োপালি ভেকচিন লোৱা হ’ব লাগিব।বিমানবন্দৰ, ৰে’ল ষ্টেচনসমূহত চৰকাৰে চোকা দৃষ্টি ৰখাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী মহন্তই কয় যে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ লৈছে। তেওঁলোকৰ ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ হ’লেও ৭ দিন কোৱাৰেণ্টাইনত থাকিব লাগিব। স্বাস্থ্য বিভাগে ঘৰত গৈ হলেও তেওঁলোকৰ নমুনা পৰীক্ষা কৰিব।শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে বর্তমান ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে যিদৰে শিক্ষানুষ্ঠানসমূহ চলি আছে, তেনেদৰেই চলি থাকিব। অৱশ্যে পৰিস্থিতিৰ যদি অৱনতি ঘটে, তেতিয়াহ’লে পৰৱৰ্তী পৰ্যায়ত চৰকাৰে আন সিদ্ধান্ত গ্ৰহণ কৰিব।সেইদৰে চৰকাৰে স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰতো ক্ষিপ্ত পদক্ষেপ লোৱাৰ বিষয়ে জানিবলৈ দি আই চি ইউকে ধৰি বিভিন্ন মেৰামতিৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে। নতুন এছ অ’ পি অনুসৰি কোনো অঞ্চলত যোৱা ৭ দিনৰ ভিতৰত ১০জনৰ অধিক ক’ভিড ৰোগী চিনাক্ত হলে, সেই অঞ্চলটো জিলা দণ্ডাধীশে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালকৰ সৈতে আলোচনা কৰি কণ্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিব। সেইদৰে যিসকল কৰ্মচাৰীয়ে প্ৰথম ড’জ ক’ভিড ভেকচিন লৈছে, তেওঁলোকেও নিয়মীয়াকৈ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব। সেইদৰে সামগ্ৰী কঢ়িওৱা যান-বাহনৰ চলাচল অব্যাহত থাকিব। সকলো ৰাজহুৱা পৰিবহণে ক’ভিড প্ৰট’কল মানি চলিব লাগিব। অটোৰিক্সা, ৰিক্সা, টেক্সীয়ে ক’ভিড প্ৰট’কল মানি ১০০ শতাংশ আসনত যাত্রী কঢ়িয়াব পাৰিব।মটৰচাইকেল চলাচলত বাধা নাই যদিও অদ্ভুতঃ প্রথম পালি ভেকচিন লোৱা হ’ব লাগিব আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। আন্তঃজিলা আৰু অন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত যান-বাহনসমূহে এশ শতাংশ যাত্রী কঢ়িয়াব পাৰিব যদিও কোনো লোককে থিয় কৰাই নিব নোৱাৰিব।