ৰাজ্যত চান্দা সংস্কৃতি সম্পূৰ্ণৰূপে বন্ধ কৰা হ’বঃ ভৱেশ কলিতা

ৰাজ্যত চান্দা সংস্কৃতি সম্পূৰ্ণৰূপে বন্ধ কৰা হ’বঃ ভৱেশ কলিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘বিজেপিয়ে চান্দা সংস্কতিত বিশ্বাস নকৰে। বিজেপিয়ে দলীয় কার্যসূচী চলাবলৈ কাহানিও চান্দা সংগ্রহ নকৰে। দলীয় কর্মকর্তা আৰু সদস্যৰপৰা বৰঙণি লৈহে বিজেপিয়ে দলীয় কার্যসূচী চলায়। এই ভাষ্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ। ৰঙিয়াত সাংবাদিকৰ আগত কথা প্রসংগত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এইদৰে কয়। কলিতাই কয়— ৰাজ্যখনত সকলোৰে মংগলৰ স্বাৰ্থত চান্দা সংস্কৃতি বন্ধ হ’ব লাগে। এইক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই চান্দা সংস্কৃতি বন্ধ কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণৰ কথা কৈছে তাৰ প্ৰতি দলে সম্পূর্ণৰূপে সহমত প্রকাশ কৰিছে। সকলোৰে সহযোগত অসমত চান্দা সংস্কৃতি সম্পূর্ণৰূপে বন্ধ কৰা হ’ব। বিজেপি সভাপতিগৰাকীয়ে পৌৰ নিৰ্বাচনৰ প্ৰাকৃক্ষণত তেওঁৰ গৃহ সমষ্টি ৰঙিয়াত কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে ৰঙিয়া চহৰৰ মাজমজিয়াত অসম চৰকাৰৰ এছ অ’পি ডি (জি) আঁচনিৰ অধীনত লোকনির্মাণ বিভাগৰ (পথ) উদ্যোগত ৫ কোটি ৯৫ লাখ ৯ হাজাৰ টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া পৰিদৰ্শন বঙলাৰ আধাৰশিলা স্থাপন কৰে। কলিতাই ইয়াৰ পাছতে ৩ কোটি ৫৪ লাখ ৫২ হাজাৰ টকাৰ ব্যয় সাপেক্ষে উত্তৰ কামৰূপ ক্ষেত্রীয় পথ সংমণ্ডল আৰু ৰঙিয়া ক্ষেত্রীয় পথ উপ-সংমণ্ডলৰ নতুন কার্যালয় ভৱনটোৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, ৰঙিয়াৰ মহকুমাধিপতি জাভিৰ বাহুল সুবেশকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক কলিতাই কয় যে অনাগত দিনত ৰঙিয়াক আধুনিক ৰূপত সজাইপৰাই তোলা হ’ব। আনহাতে, ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়টো বৰ্তমানৰ স্থানৰপৰা স্থানান্তৰিত কৰাৰ বাবে ইতিমধ্যে গ্রহণ কৰা কাৰ্যব্যৱস্থাক আনুষ্ঠানিকতা প্ৰদান কৰা হয়। উল্লেখ্য যে ৰঙিয়া চহৰৰ ষ্টেচন ফিডাৰ ৰোডৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ সমীপতে নতুন মহকুমাধিপতি কার্যালয় ভবন নির্মাণ কৰা হ’ব। পাছত বিধায়গৰাকীয়ে ৰঙিয়াৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ স্থানলৈ এক পদযাত্ৰাত ভাগ লয়।