ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ নতুন কমিটীৰ দায়িত্ব গ্ৰহণ ড° অংকিতা দত্তৰ

ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ নতুন কমিটীৰ দায়িত্ব গ্ৰহণ ড° অংকিতা দত্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  গণেশ দেৱতাক পূজা অৰ্চনা কৰিয়ে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে ড° অংকিতা দত্তই৷ৰাজীৱ ভৱনত আয়োজন কৰা অনুষ্ঠানত দায়িত্ব গ্ৰহণ কৰি অংকিতা দত্তই কয়-দেউতা প্ৰয়াত অঞ্জন দত্তৰ পদাংক অনুকৰণ কৰিয়েই ৰাজনীতিৰ পথাৰত খোজ দিছিলো৷প্ৰয়াত পিতৃৰ প্ৰতিচ্ছবিত সেৱা কৰি তেওঁৰ পৰা আশীৰ্বাদ বিচাৰি আজিৰ এই বিশেষ দিনটো আৰম্ভ কৰিছো৷তেওঁৰ পিতৃয়ে যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে আলফাৰ দৰে সংগঠনৰ সৈতে মুখামুখি হৈ কংগ্ৰেছ দলৰ ৰাজনীতিক অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷আজি কংগ্ৰেছৰ দুৰ্যোগপূৰ্ণ অৱস্হাত দায়িত্বভাৰ গ্ৰহণ কৰি তেৱোঁ পুনৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ গঠনৰ প্ৰচেষ্টাত ব্ৰতী হ’ব৷ অসম প্ৰদেশ যুৱ কংগ্রেছ কমিটীৰ নৱ-নিযুক্ত সভাপতি ড° অংকিতা দত্ত, কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী আৰু উপ-সভাপতি পৰিতোষ ৰয়ে ’জাগ ডেকা তেজ জাগ’ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে সদ্য বিদায়ী সভাপতি কমৰুল ইছলাম চৌধুৰীৰ পৰা প্ৰদেশ যুৱ কংগ্রেছৰ দায়িত্বভাৰ গ্ৰহণ কৰে।এই দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত অসম প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বি ভি, সম্পাদক অজয় শিকাৰা, বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক ৰেকিবুদ্দিন আহমেদ, আব্দুল বাটিন খণ্ডকাৰ, ডাঃ আছিফ নজৰ, প্ৰীতম কৰ্মকাৰ, চৰিফা ৰহমান, কৃষ্ণা দাস, প্ৰমুখ্যে কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে। সভাত ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় সহস্ৰাধিক যুৱ কংগ্ৰেছৰ নেতা-কৰ্মী উপস্থিত থাকি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই ভাষণত কয় যে দেশৰ  এই সন্ধিক্ষণত যুৱ প্ৰজন্মই সাহেসেৰে নেতৃত্ব দি দেশৰ মৌলিক সামাজিক চৰিত্ৰ সলনি কৰিব বিচৰা সমূহ সাম্প্ৰদায়িক আৰু ধৰ্মান্ধ শক্তিক প্ৰতিহত কৰিব লাগিব। দেশৰ এই নতুন সামাজিক আৰু ৰাজনৈতিক সংগ্ৰামত তেওঁ সদায় যুৱ শক্তিৰ সৈতে একাত্ম হৈ থাকিব বুলি উল্লেখ কৰে।যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয়  সভাপতি শ্ৰীনিবাস বি ডিয়ে কয় যে অসমত প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুনকৈ দায়িত্ব প্ৰাপ্ত নেতৃবৰ্গই অসমৰ যুৱ সমাজৰ কাষ চাপি এনেদৰে কাৰ্যনিৰ্বাহ কৰিব লাগিব যাতে আগন্তুক   প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছ দলে সফলতা অৰ্জন কৰিব পাৰে। তেওঁ লগতে কয় যে অসম আজি এখন দুৰ্নীতিগ্ৰস্ত ৰাজ্য। অসমত অসৎ পদ্ধতিৰে সংগৃহীত ধনৰ ভাগ বহু কেন্দ্ৰীয় নেতৃত্বয়ো লাভ কৰি আছে।সভাত বিধায়ক ৱাজেদ আলী চৌধুৰী, ৰেকিবুদ্দিন আহমেদ, যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰীয়েও বক্তব্য দাঙি ধৰে। নৱ-নিযুক্ত সভাপতি ড° অংকিতা দত্তৰ গৃহ সমষ্টি আমগুৰি আৰু নৱ-নিযুক্ত কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰী গৃহ সমষ্টি ধৰ্মপুৰৰ বৃহৎ সংখ্যক কংগ্ৰেছ কৰ্মী, সমৰ্থকৰ উপৰি ছয়গাঁও, গোৱালপাৰা আৰু গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহু কংগ্ৰেছ কৰ্মী আজিৰ সভাত উপস্থিত থাকে।