ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভূক্ত সৰ্বানন্দ সোণোৱাল

pc India TV News

আন এক গুৰু দায়িত্ব লাভ কৰিছে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (C.C.P.A.)ত অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক। সোণোৱালৰ উপৰিও এই কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে পৰিবেশ আৰু শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, স্বাস্থ্য মন্ত্ৰী মন সুখ মাণ্ডব্য আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙক। এই আটাইকেইটা বিভাগৰ মন্ত্ৰীকে চি চি পি এত অন্তৰ্ভুক্ত কৰা হৈছে। মনকৰিবলগীয়া যে পূৰ্বে এই বিভাগৰ মন্ত্ৰীক এই চি চি পি এত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

আনহাতে আইন মন্ত্ৰী কিৰেন ৰিজিজু, তথ্য আৰু সম্প্ৰচাৰ, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাক এই কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে। কিৰেণ ৰিজিজুক ৰবিশংকৰ প্ৰসাদৰ স্থানত, অনুৰাগ ঠাকুৰক প্ৰকাশ জাভড়েকাৰৰ স্থানত এই কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ উপৰিও সামাজিক ন্যায় সৱলীকৰণ মন্ত্ৰী বিৰেন্দ্ৰ কুমাৰক থাৱৰক চান্দ গেহলোটৰ ঠাইত কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে। এইসকলৰ উপৰিও এই কমিটীত আন আন নতুন মুখ কেইখন হৈছে জ্যোতিৰাদিত্য সিন্দিয়া, অশ্বিনী বৈষ্ণৱ, নাৰায়ণ ৰাণে আদি।