ৰাজনীতিবিদ, সেনাৰ বাবে কাশ্মীৰ ফাইলৰ বিশেষ স্ক্ৰীণিং আয়োজিত 

p.c.- Free Press Journal

ৰাজনীতিবিদ, সেনাৰ বাবে কাশ্মীৰ ফাইলৰ বিশেষ স্ক্ৰীণিং আয়োজিত 

ৰঙিলী বাৰ্ত্তাসেৱা-  বিবেক অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নিৰ্মাতাসকলে মুক্তিৰ এসপ্তাহ আগতে জম্মুত ৰাজনীতিবিদ, সেনা বিষয়া আৰু কাশ্মীৰী পণ্ডিতসকলৰ বাবে ছবিখনৰ এক বিশেষ স্ক্ৰীণিং আয়োজন কৰিছে। চলচ্চিত্ৰখন কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ গণহত্যাৰ ভুক্তভোগী প্ৰথম প্ৰজন্মৰ সাক্ষাৎকাৰৰ ওপৰত আধাৰিত যাৰ ফলত তেওঁলোকে ৰাজ্যখনৰ পৰা গণ প্ৰস্থান কৰিছিল।