ৰাছিয়াত থকা ইউক্রেইনৰ নাগৰিকক শীঘ্ৰেই দেশখন এৰিবলৈ নিৰ্দেশ ইউক্রেইন চৰকাৰৰ

pc India Today

ৰাছিয়াত থকা ইউক্রেইনৰ নাগৰিকক শীঘ্ৰেই দেশখন এৰিবলৈ নিৰ্দেশ ইউক্রেইন চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাছিয়াৰ যুদ্ধংদেহি স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইউক্রেইনে দেশখনত ৩০ দিনীয়া জৰুৰী অৱস্থা ঘোষণা কৰিছে।ইউক্রেইনৰ সীমান্তত ৰাছিয়াই নতুনকৈ শতাধিক সামৰিক বাহন মোতায়েন কৰাৰ তথ্য পোহৰলৈ অহাৰ সমান্তৰালকৈ দুই দেশৰ সীমান্তত যুদ্ধবিৰতি উলংঘন ভয়ানক হাৰত বৃদ্ধি পাইছে। আমেৰিকা নেতৃত্বাধীন পশ্চিমীয়া দেশৰ সৈতে যুদ্ধংদেহি মনোভাব পোষণ কৰা ৰাছিয়াই ইউক্ৰেইনৰ দুটাকৈ অঞ্চল স্বাধীন ঘোষণা কৰাৰ পাছতেই ইউক্রেইন আৰু ৰাছিয়াৰ যুদ্ধৰ সম্ভাৱনা বৰ্ধিত হৈছে। দেশখনৰ উচ্চ সদনে ৰাছিয়াই ইউক্ৰেইনৰ বিদ্রোহী গোটৰ অধ্যুষিত অঞ্চল লুগানস্ক আৰু ডোনেটস্কক স্বাধীন অঞ্চল হিচাপে ঘোষণা কৰাৰ কেইঘণ্টামান পাছতেই ৰাছিয়াৰ সেনাবাহিনীক বিদেশত ব্যৱহাৰত অনুমোদন জনাইছে।ৰাছিয়াই ক্রমাগতঃভাৱে নিজ দেশৰ সৈতে লাগি থকা ইউক্রেইনৰ সীমান্তৰ লগতে সহযোগী ৰাষ্ট্ৰ বেলাৰুছত সামৰিক শক্তি বৃদ্ধি কৰিছে। উক্ত অঞ্চলত দুই দেশৰ সেনাই যুদ্ধৰ অনুশীলন অব্যাহত ৰাখিছে। আনপিনে ৰাছিয়াৰ আগ্ৰাসী পদক্ষেপক লৈ ইউক্রেইনেও সমান্তৰালভাৱে সামৰিক শক্তি বৃদ্ধি কৰি আহিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে অতিৰিক্ত সংৰক্ষিত সেনাবাহিনী গঠনৰ নিৰ্দেশ দিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে দিয়া নির্দেশ অনুসৰি ইতিমধ্যে ১৮ বছৰৰ পৰা ৬০ বছৰীয়ালৈকে দেশখনত অসামৰিক চাকৰিয়ালক এবছৰৰ কাৰণে সেনাত ভৰ্তি হ’বলৈ নিৰ্দেশ দিছে। এই লোকসকলক সাঙুৰি অতিৰিক্ত সংৰক্ষিত বাহিনী গঠন প্ৰক্ৰিয়া ৰাষ্ট্ৰপতিৰ নিৰ্দেশৰ পাছতেই আৰম্ভ হৈছে। ইউক্রেইন চৰকাৰে ৰাছিয়াৰ আক্ৰমণৰ সম্ভাৱনা প্ৰকট হৈ পৰাত ৰাছিয়াত থকা ইউক্রেইনৰ নাগৰিকক শীঘ্ৰেই দেশখন এৰিবলৈ নিৰ্দেশ দিছে।