ৰ’ভাৰ “ঝুৰোঙ”ৰ অৱতৰণ আৰু মঙ্গল গ্ৰহত চলাচলৰ ভিডিঅ’ মুকলি কৰে চীনৰ মহাকাশ সংস্থাই

pc Sky News

অনলাইন বাৰ্ত্তাসেৱা – চীনৰ মহাকাশ সংস্থাই ইয়াৰ “তায়েনৱেন-১ মিছন মাৰ্চ”ৰ ৰ’ভাৰ “ঝুৰোঙ”ৰ অৱতৰণ আৰু মঙ্গল গ্ৰহত চলাচলৰ ভিডিঅ’ মুকলি কৰে। ইয়াৰে এটা ভিডিঅ’ত শব্দৰে সৈতে ৰ’ভাৰখন লেণ্ডিং প্লেটফৰ্মৰ পৰা আঁতৰি গৈ মঙ্গলৰ পৃষ্ঠত স্পৰ্শ কৰাও দেখিবলৈ পোৱা গৈছে। ছয়-চকীয়া ৰবটটো “ইউটোপিয়া প্লেনিটিয়া” নামৰ এটা অঞ্চলৰ ওপৰত অনুসন্ধান চলাই আছে।