ৰবীন্দ্ৰ ভৱনত সীমান্ত শৰ্মাৰ পৰিচালিত নাট “আত্মবল” মঞ্চস্থ

ৰবীন্দ্ৰ ভৱনত সীমান্ত শৰ্মাৰ পৰিচালিত নাট “আত্মবল” মঞ্চস্থ

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ১৭ ডিচেম্বৰত ৰবীন্দ্ৰ ভৱনত নীলাচল এডুকেশ্বনেল ৱেলফেয়াৰ ছ’চাইটিৰ উদোগত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ ১৩৬ সংখ্যক জন্ম জয়ন্তীত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যাল়য়ৰ অধ্যাপক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰাল়য়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচিত আৰু পৰিচালিত নাট “আত্মবল” নাট খন মঞ্চস্থ হয়। “আত্মবল” নাটখনত অম্বিকাগিৰী ৰায়চৌধুৰীৰ শিশু কালৰ ওপৰত ৰচিত। নাট খনত প্ৰতিটো দৃশ্য সুন্দৰ ভাৱে অম্বিকাগিৰী ৰায়চৌধুৰীৰ শিশু কাল প্ৰতিফলিত কৰিছে। শিশুকালৰ পৰাই অম্বিকাগিৰী ৰায়চৌধুৰী স্বাধীনচেতিয়া মনোভাৱত নিয়োজিত আছিল। শৈশৱৰ পৰাই ঘৰ খনত শংকৰী কলা কৃষ্টিৰ লগত জৰিত আছিল বাবেই সত্ৰীয়া নৃত্য, বৰগীত-নাম প্ৰসংগ গাই বা শুনি ভাল পাইছিল। দুষ্ট লোকক সদায় দমন কৰিছিল। জাতি-ভেদ, ধনী-দুখীয়া, ধৰ্ম আদি বিষয় বোৰ তেওঁ জনগণৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিছিল শৈশৱৰ পৰাই আৰু তেওঁৰ লিখনিৰ প্ৰতিটো শব্দই উচ্চ খাপৰ আছিল । অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সকলোকে একগোট হৈ বিভেদ কামীক দমন কৰিবলৈ অহৰহ চেষ্টা চলাইছিল শৈশৱতে। নাটখনৰ লিখনি সুন্দৰ ভাৱে উপস্থাপন কৰিছে নাট্যকাৰ সীমান্ত শৰ্মাই। নাট খনৰ অম্বিকাগিৰী ৰায়চৌধুৰীৰ শিশুকালত অভিনয় কৰা ৰাজ বিশ্বাসৰ অভিনয়ে দৰ্শকক মুগ্ধ কৰিছে। প্ৰতিটো দৃশ্য সুন্দৰকৈ অভিনয় কৰিছে। অভিনয়ত কোনো ধৰনৰ জড়তা নাছিল। বাকী অম্বিকাগিৰী ৰায়চৌধুৰীৰ পিতৃ আৰু মাতৃ চৰিত্ৰত অভিনয় কৰা দুয়োজন শিল্পীয়ে সুন্দৰ অভিনয় কৰিছে। বাকী বোৰৰ অভিনয় যথাযথ। নাটখনত দুটা দৃশ্য ছাঁ পুতলাৰ জৰিয়তে অভিনয় কলা দেখুৱাই অসমৰ লোক কলাক প্ৰসাৰ আৰু প্ৰচাৰ চলোৱা কাৰ্য্য সীমান্ত শৰ্মা প্ৰশংসাৰ যোগ্য। ছাঁ পুতলা যিহেতু মহাপুৰষ শ্ৰীমন্ত শংকৰ দেৱৰ জন্মৰ সময়ৰ পৰাই চলি থকা অসমৰ এটি লোক কলা। তাৰোপৰি নাট খনত সত্ৰীয়া নৃত্য পৰিবেশনও নাটৰ মানদণ্ড উচ্চ পয্যায়লৈ নিছে বুলি কব পাৰি। সকলো অসমৰ কলাক নাট খনত উপস্থাপন কৰাটো পৰিচালকৰ কৃতিত্ব দাবী কৰিব পাৰি। নাট খনত সম্পুৰ্ণ লোক কলা বাদ্যৰে সুন্দৰভাৱে পৰিৱেশত হৈছে। নাট খনৰ প্ৰতিটো দৃশ্য দৰ্শক সকলৰ মন জীপাল কৰি তুলিছিল। নাট খনত সহকাৰী পৰিচালক হিচাপে আছিল হৃদয়জ্যোতি দাস।