ৰবীন্দ্ৰ ভৱনত ‘শুনিবি ভাই দেশৰ কথা কওঁ’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান

ৰবীন্দ্ৰ ভৱনত ‘শুনিবি ভাই দেশৰ কথা কওঁ’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ নিউজৰ উদ্যোগত আৰু সাংস্কৃতিক মন্ত্ৰণালয়,ভাৰত চৰকাৰৰ সহযোগত শুকুৰবাৰে ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত অম্বিকাগিৰি ৰায়চৌধুৰীৰ ১৩৬ সংখ্যক জন্ম জয়ন্তীৰ প্ৰাকক্ষণত ’শুনিবি ভাই দেশৰ কথা কওঁ’ শীৰ্ষক এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷অম্বিকাগিৰি ৰায় চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে জীয়ৰী যুগব্ৰতা দত্ত,সভাপতি বিশ্ব দত্তই৷আনহাতে প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে ’নিউজ’ৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতি গোপাল জালান আৰু সম্পাদক ৰাজীৱ কলিতাই৷অনুষ্ঠানৰ আৰম্ভণিতে নীলাশ্ৰী লাহনে পৰিচালনা কৰা এটি সত্ৰীয়া নৃত্য পৰিৱেশন কৰে৷অনুষ্ঠানত অসম শিশু সাহিত্য ন্যাসৰ সচিব হষীকেশ গোস্বামী,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীয়ে অম্বিকাগিৰিৰ জীৱন পৰিক্ৰমা সামৰি চমু বক্তব্য আগবঢ়ায়৷অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া,তেজপুৰৰ জ্যোতি ভাৰতীৰ সাংস্কৃতিক উন্নয়ন বিষয়া জীতেন কুমাৰ দাস,সাংস্কৃতিক পৰিক্ৰমাৰ উপ সঞ্চালক উৎপল কুমাৰ দাস,অসম জাতীয় বিদ্যালয়ৰ সভাপতি দীলিপ দত্ত,সংগীত নাটক একাডেমীৰ প্ৰকল্প সঞ্চালক অৰূপ বৰদলৈ,ন্যাসৰ সভাপতি বিশ্ব দত্ত,লোক সংগীত শিল্পী প্ৰবীণ কুমাৰ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়৷অম্বিকাগিৰি ৰায় চৌধুৰীৰ দ্বাৰা ৰচিত গীতৰ আধাৰিত সৃজনশীল নৃত্য পৰিৱেশন কৰে ’নিউজ’ৰ  শিল্পীসকলে৷নৃত্য পৰিচালনা কৰে সত্ৰীয়া শিল্পী বিনীতা দেৱী,নীলাশ্ৰী লাহনে আৰু সহযোগিতা আগবঢ়াই জয়শ্ৰী দাস আৰু শিল্পী লিখা বিশ্বাসে৷বিশিষ্ট সংগীত শিল্পী ৰূপম তালুকদাৰে অম্বিকাগিৰিৰ দ্বাৰা ৰচিত অৰ্থ বহু ’আজি বন্দোকি ছন্দেৰে’ গীতটি একৰ্ডিয়ান বজাই পৰিৱেশন কৰে৷আনহাতে বিশিষ্ট সংগীত ব্যৱস্হাপক বিষু শৰ্মাই ’ধৰ ঝাৰু ধৰ ভাই’ গীত, ’নিউজ’ৰ গুৰু জ্যোতিকা কলিতাই ’প্ৰভুমংগল সুৰে’ গীত,কণমানি শিল্পী শ্ৰুতি মাধুৰ্যই ’সুখৰ হেতুকে দুখ আঁতৰালো’ গীত,শিক্ষয়িত্ৰী অনামিকা কলিতাই ’প্ৰাণৰ মাধুৰী’ গীতটি পৰিৱেশন কৰে৷অনুষ্ঠানত নীলাচল জাতীয় বিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰয়ে অম্বিকাগিৰি ৰায় চৌধুৰীৰ জীৱনৰ ওপৰত যুগুটোৱা এখনি নাট ’আত্মবল’ পৰিৱেশন কৰে৷নাটখনৰ ৰচনা আৰু পৰিচালনা সীমান্ত শৰ্মা আৰু সহ পৰিচালক হদয়জ্যোতি দাস